কৃত্রিম বুদ্ধিমত্তা প্রয়োগত ভাৰত তৃতীয়

dainik janambhumi December 15, 2025

ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তাৰ (এআই) প্রয়োগৰ ক্ষেত্রত বিশ্বৰ দেশসমূহৰ ভিতৰত ভাৰতে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দেওবাৰে এখন শেহতীয়া প্রতিবেদনত এই তথ্য প্রকাশ পাইছে। বিশ্বজনীনভাৱে এই স্থান লাভ কৰাব পাছত এইটো প্রতিপন্থ হ'ল যে ভাৰতৰ দ্রুত বিকশিত প্রযুক্তি পৰিৱেশতন্ত্র আৰু শক্তিশালী প্রতিভাই গোলকীয় এ আই প্রতিযোগিতাত দেশে এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গ্ল'ৱেল এ আই সঁজুলি প্রতিবেদনত প্রকাশ কৰা মতে, এ আই পৰিৱেশতন্ত্র শক্তিশালী কৰিবলৈ গ্রহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপবোৰৰ বাবেই ভাৰতৰ স্থান এই ক্ষেত্রত আগবাঢ়িছে। 

প্রসিদ্ধ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়খনৰ ২০২৪ গ্ল'ৱেল ভাইব্লেন্সি সূচকাংকত ২১.৫৯ নম্বৰ লাভ কৰি ভাৰত তৃতীয় স্থানত আছে। আমেৰিকাই এ আই প্রয়োগৰ ক্ষেত্রত ৭৮.৬০ নম্বব সূচকাংক লাভ কৰি শীর্ষস্থানত আছে। আমেৰিকাই কৃত্রিম বুদ্ধিমত্তা খণ্ডত চলোৱা গবেষণা আৰু অধ্যয়নৰ বাবে আৰু আন্তঃগাঁথনি সুলভ হোৱাৰ বাবেই এই কৃতিত্ব অর্জন কৰিছে। আনহাতে, চীনে ৩৬.৯৫ নম্বৰ সূচকাংক লাভ কৰি এ আই প্রয়োগৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে। এ আইৰ গৱেষণা আক বিকাশৰ ক্ষেত্রত চীনে শক্তিশালী দক্ষতা প্রদর্শন কবিলৈ সক্ষম হৈছে। কিন্তু প্রয়োগৰ ক্ষেত্ৰত আমেৰিকাতকৈ পিছ পৰি থকাৰ বাবেই চীনে দ্বিতীয় স্থান লাভ কৰে। 

ইফালে, দক্ষিণ কোৰিয়াই ১৭.২৪ নম্বৰ আৰু ব্রিটেইনে ১৬.৬৪ নম্বৰ লাভ কৰি জনমে চতুর্থ আৰু পঞ্চম স্থান লাভ কৰিছে। উল্লেখযোগ্য যে ভাবতে ২০২৩ চনত এ আই ক্ষেত্রত এই মান সূচকাংকত সপ্তম স্থানত আছিল যদিও ২০২৪ চনব প্রতিবেদনত তৃতীয় স্থানলৈ উন্নীত হ'বলৈ সক্ষম হ'ল। ইফালে, ২০২৪ চনত আমেৰিকাই উল্লেখযোগ্য এ আই মডেল উদ্ভাৱন কৰি ব্যক্তিগত বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।২০২৪ চনত আমেৰিকাই তেওঁলোকৰ কো স্পানীসমূহ গুগল, আপেন এ আই আৰু মেটাৰ সহযোগত জেমিনি ২.০ প্র. অ আই আৰু এল লামা ৩.১ আদি এ আই মডেল মুকলি কৰিছে।

Share This