জুনিয়ৰ বিশ্ব কাপ হকীত ভাৰতৰ ব্ৰঞ্জৰ পদক

dainik janambhumi December 11, 2025

ডিজিটেল ডেস্কঃ ভাৰতে এফ আই এইচ পুৰুষৰ জুনিয়ৰ বিশ্ব কাপ হকীত ব্ৰঞ্জৰ পদক লাভ কৰিছে। পোনতে দুগ'লত পিছ পৰিও ভাৰতে দুর্দান্ত প্রদর্শনেৰে আর্জেণ্টিনাক ৪-২ গ'লত হৰুৱাই তৃতীয় স্থান দখল কৰে। 

আর্জেণ্টিনাই ৩ আৰু ৪৪ মিনিটত এটাকৈ গ'ল দি প্রথমে ২-০ ব্যৱধানত অগ্রগতি লাভ কৰে। পিছে অংকিত পালে ৪৯, মনমীট সিঙে ৫২ মিনিট আৰু আনমল এক্কাই ৫৮ মিনিটত এটাকৈ গ'ল ভাৰতৰ সপক্ষে কৰাত ফল ৩-২ ব্যাৱধানলৈ বৃদ্ধি কৰে। 

আনহাতে, অসমৰ ৫৭ মিনিটত ভাৰতৰ জয় ৪-২ ব্যৱধানত নিশ্চিত কৰে। লক্ষ্ণৌত ২০১৬ চনত খিতাপ জিকাৰ পাছত ভাৰতে শেহতীয়াকৈ দুবাৰত ব্যর্থ হৈছিল। ২০২১ চনত ভুৱনেশ্বৰত আৰু ইয়াৰ দুবছৰৰ পাছত কুৱালালামপুৰত চতুর্থ স্থানতে ক্ষান্ত আছিল।

Share This