ডিজিটেল ডেস্ক : ভাৰতে বাৰ্মিংহামৰ এজবাজষ্টন গ্রাউণ্ডছত দেওবাৰে ঐতিহাসিক জয় অর্জন কৰে। দ্বিতীয় টেষ্টৰ পঞ্চম তথা অন্তিম দিনা ভাৰতে ঘৰুৱা দল ইংলেণ্ডক ৩৩৬ ৰানৰ ব্যৱধানত পৰাজিত কৰে। এয়া আছিল ইংলেণ্ডত ঘৰুৱা দলটোৰ বিৰুদ্ধে সৰ্বাধিক ৰানৰ ব্যৱধানত ভাৰতৰ জয়। ইয়াৰ লগে লগে ভাৰতে বার্মিংহামত ৫৮ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে জয়ৰ সোৱাদ লয়। ইয়াৰ আগতে ইয়াত খেলা ৮খন টেষ্টৰ সাতখনতে ভাৰত পৰাজিত হৈছে আৰু এখন টেষ্ট ড্র হৈছে।
আজিৰ জয়েৰে ভাৰতে পাঁচখনীয়া শৃংখলাটোত ১-১ ব্যৱধানত সমতা স্থাপন কৰে। ইংলেণ্ডক টেষ্টখনত জয়ৰ বাবে দ্বিতীয় ইনিংছত প্রয়োজন হৈছিল ৬০৮ ৰানৰ। দলটোৱে ২৭১ ৰানত আটাইকেউটা উইকেট হেৰুৱায়। ঘৰুৱা দলটোৱে আজিৰ খেল আৰম্ভ কৰে কালিৰ তিনি উইকেটত ৭২ ৰানৰ পৰা। বৰষুণৰ বাবে ৯০ মিনিট পলমকৈ খেল আৰম্ভ হয়। মধ্যাহ্ণ ভোজনৰ পৰলৈ ইংলেণ্ডে তিনিটা উইকেট হেৰুৱায়।
মধ্যাহ্ন ভোজনৰ পাছত দলটোৱে অৱশিষ্ট চাৰিটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ আকাশদীপে ছটা, মহম্মদ ছিৰাজ, ৱাশ্বিংটন সুন্দৰ, প্রসিদ্ধ কৃষ্ণ আৰু ৰবীন্দ্র জাদেজাই এটাকৈ উইকেট দখল কৰে। ভাৰতে প্রথম ইনিংছত ৫৮৭ ৰান আৰু ইংলেণ্ডে প্রথম ইনিংছত ৪০৭ ৰান কৰে। ভাৰতে ছয় উইকেট হেৰুৱাই ৪২৭ ৰান কৰা অৱস্থাত দ্বিতীয় ইনিংছ ঘোষণা কৰিছিল। ভাৰতে কালি বিদেশৰ মাটিতো ৰানৰ হিচাপত সৰ্ববৃহৎ ব্যৱধানত জয়লাভ কৰে। ইংলেণ্ডৰ অপৰাজিত বেটছমেনদ্বয় হেৰী ব্রুকে ২৩ ৰান আৰু অলি পোপে ২৪ ৰান কৰি বিদায় লয়। অধিনায়ক বেন ষ্টোকছ আৰু জেমি স্মিথে ভাৰতৰ হাতত পৰাজয় ৰোধৰ চেষ্টা কৰে যদিও সফল নহ'ল। ষ্টোকছে ৩৩ আৰু স্মিথে ৮৮ ৰান কৰে। ব্রাইডন কাছে ৩৮ ৰান কৰি বিদায় লয়।