মহাকাশত বৃদ্ধি পাব ভাৰতৰ সামৰিক শক্তি

dainik janambhumi July 01, 2025

ডিজিটেল ডেস্ক : অপাৰেশ্যন সেন্দূৰৰ পাছত ভাৰতে এতিয়া মহাকাশত সামৰিক শক্তি বৃদ্ধি কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ লৈছে। চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি অহা চাৰি বছৰত ৫২টা প্ৰতিৰক্ষা কৃত্রিম উপগ্রহ মহাকাশত উৎক্ষেপণ কৰিব। এই প্রতিৰক্ষা নিৰীক্ষণ উপগ্রহকেইটাই পাকিস্তান আৰু চীন সীমান্তত অহর্নিশে চকু ৰাখিব। এই কৃত্রিম উপগ্রহবোৰ কৃত্রিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত হ'ব। 

প্রায় ৩৬ হাজাৰ কিল'মিটাৰ উচ্চতাত এই কৃত্রিম উপগ্ৰহবোৰে নিজৰ মাজত যোগাযোগ ৰক্ষা কৰিব আৰু ইয়াৰ ফলত পৃথিৱীলৈ সংকেত তথা বার্তা-ফটো প্ৰেৰণ কৰাটো সহজ হৈ পৰিব। এই সমগ্ৰ অভিযানটো প্ৰতিৰক্ষা মহাকাশ এজেন্সিৰ অধীনত চলোৱা হ'ব। ইয়াৰ বাবে চৰকাৰে স্পেচ-বেছড ছার্ভিলান্স ফেজ-৩ আঁচনি আৰম্ভকৰিব। ইয়াৰ বাবে ২৬,৯৬৮ কোটি টকাৰ বাজেট ধার্য কৰা হৈছে। এই আঁচনিত যোৱা বছৰ অক্টোবৰত কেন্দ্রীয় কেবিনেটে অনুমোদন জনাইছিল। 

এই আঁচনিৰ অধীনত ২১টা কৃত্রিম উপগ্রহ ভাৰতীয় মহাকাশ গবেষণা সংস্থাই নির্মাণ তথা উৎক্ষেপণ আৰু বাকী ৩১টা ভাৰতৰ তিনিটা ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে নির্মাণ কৰিব। প্রথমটো কৃত্রিম উপগ্রহ অহা বছৰ এপ্রিলত উৎক্ষেপণৰ লক্ষ্য লোৱা হৈছে। এই উপগ্রহসমূহ পৃথিবীৰ নিম্ন কক্ষপথত আৰু জিয় 'ষ্টেছনেৰী কক্ষপথত উৎক্ষেপণ কৰা হ'ব। এই উপগ্রহবোৰে ভাৰত-পাকিস্তান তথা চীন সীমান্তৰ পৰা ভাৰত মহাসাগৰলৈকে চকু ৰাখিব পাৰিব।

Share This