আজি গুৱাহাটীত ভাৰত-শ্রীলংকাৰ মেচ, জুবিনৰ নামত উৎসর্গিত উদ্বোধনী অনুষ্ঠান

dainik janambhumi September 30, 2025

ডিজিটেল ডেস্ক : আই চি চি মহিলা ক্রিকেট বিশ্ব কাপৰ ত্রয়োদশ সংস্কৰণৰ গুৱাহাটীত আজি হ'বলগীয়া উদ্বোধনী অনুষ্ঠানৰ ৪০ মিনিট সময় উৎসর্গিত হ'ব অসমৰ ৰাইজৰ হিয়াৰ আমঠু, জনপ্রিয় কণ্ঠশিল্পী যুৱ প্ৰজন্মৰ হার্টথ্র'ব জুবিন গাৰ্গৰ নামত। ইয়াৰে প্ৰথম ২০ মিনিটৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ভাৰত-শ্রীলংকাৰ মাজত বর্ষাপাৰা ষ্টেডিয়ামত বিয়লি ৩ বজাত আৰম্ভ হ'বলগীয়া উদ্বোধনী খেলখনৰ 'টছ'ৰ আগতে বিয়লি ২ বজাত অনুষ্ঠিত হ'ব। প্রথম ইনিংছৰ বিৰতিত শ্রদ্ধাঞ্জলি-অনুষ্ঠানৰ দ্বিতীয়টো শ্লট সজাব বলিউডৰ জনপ্রিয় সংগীত শিল্পী শ্রেয়া ঘোষালৰ সংগীতানুষ্ঠানেৰে। 

 

কালি এ চি এৰ বৰ্ষাপাৰাস্থিত আন্তর্জাতিক ক্রিকেট ষ্টেডিয়ামৰ অন্তৰ্গত ৯১ য়ার্ডছ ক্লাবৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলযোগে এই কথা সদৰী কৰে এ চি এৰ কৰ্মকর্তা অনুপম ডেকা আৰু কামৰূপ মহানগৰৰ ডি চি পি জয়ন্ত সাৰথি বৰাই। জনতাৰ শিল্পীগৰাকী আকস্মিকভাৱে পৰলোকপ্ৰাপ্তি ঘটাত সমগ্র অসম, দেশ তথা বিশ্ববাসী শোকস্তব্ধ হৈ আছে। তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি অসম তথা দেশৰ সমূহ ক্রিকেট প্রেমী, প্রতিটো দল-সংগঠন, অনুষ্ঠান-প্রতিষ্ঠান, সমাজৰ সৰ্বস্তৰৰ ব্যক্তিৰ উপস্থিতিত তেখেতৰ প্ৰতিছব্বিত মাল্যর্পণ কৰি শ্রদ্ধাঞ্জলি প্রার্থনা জনোৱাৰ লগতে প্রতিযোগিতাস্থলীত গাম্ভীর্যপূর্ণ বর্ণিল অনুষ্ঠানটোৰ প্ৰস্তুতি চলোৱা হৈছে। 

আজিৰ অনুষ্ঠানটোত আকৰ্ষণৰ মূল কেন্দ্রবিন্দু ৰূপে থাকিব বলিউডৰ জনপ্রিয় সংগীত শিল্পী অসম সন্তান অংগৰাগ পাপন মহন্ত, জয় বৰুৱা আৰু শ্রেয়া ঘোষাল। অনুষ্ঠান পৰিৱেশন কৰিব কালচাৰেল বেণ্ড শ্বিলং চেম্বাৰ অব্‌ বায়াছেও। অনুষ্ঠানটোৰ জৰিয়তে মহান শিল্পীজনাক আন্তর্জাতিক মঞ্চখনত স্মৰণ কৰা হ'ব।

Share This