ডিজিটেল ডেস্ক : ভাৰতে খাৰুৱা তেল ক্ৰয় কৰা সন্দৰ্ভত শনিবাৰে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কৰা মন্তব্যই ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ট্রাম্পে কয় যে ভাৰতে ইৰানৰ পৰিৱৰ্তে ভেনিজুৱেলাৰ পৰাহে তেল ক্রয় কৰিব।
এই সন্দৰ্ভত ভাৰত আৰু আমেৰিকাৰ মাজত ইতিমধ্যেই চুক্তি সম্পন্ন হোৱা বুলি ট্রাম্পে প্ৰকাশ কৰে। তেওঁ কয় যে চীনৰ লগত ইতিমধ্যেই চুক্তি সম্পন্ন হৈছে আৰু চীনক আমি আদৰণি জনাইছোঁ। ঠিক সেই দৰে ভেনিজুৱেলাৰ পৰা তেল ক্রয় কৰা সন্দৰ্ভত ভাৰতেও চুক্তিত স্বাক্ষৰ কৰিছে। ৱাশ্বিংটনৰ পৰা ফ্ল'ৰিডা অভিমুখী বিমানত সাংবাদিকৰে হোৱা বাৰ্তালাপত তেওঁ এই কথা প্রকাশ কৰে।
মার্কিন প্রশাসনে নতুন দিল্লীক ৰাছিয়াৰ পৰিৱৰ্তে ভেনিজুৱেলাৰ পৰা তেল ক্ৰয়ৰ আহ্বান জনোৱাৰ এদিনৰ পাছতে ট্রাম্পে এই ঘোষণা কৰে। উল্লেখযোগ্য যে ভেনিজুৱেলাৰ পৰা তেল ক্ৰয় কৰা ভাৰতকে ধৰি কেইবাখনো দেশৰ ওপৰত যোৱা বৰ্ষৰ মাৰ্চত ড'নাল্ড ট্রাম্পে ২৫% শুল্ক আৰোপ কৰিছিল।