চীন, আমেৰিকাতকৈ আগবাঢ়িব ভাৰত

dainik janambhumi November 16, 2026

ডিজিটেল ডেস্ক : বিশ্বৰ অৰ্থনীতিত মন্দাৱস্থাৰ আশংকা আৰু অনিশ্চয়তাৰ মাজত ভাৰতীয় অর্থনীতিৰ প্রতি সকলোৰে আস্থা বৃদ্ধি পাইছে। এফালে কেইবাখনো দেশৰ উন্নয়নৰ হাৰ মন্থৰ হোৱা আৰু মুদ্রাস্ফীতিৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে ভাৰতৰ অর্থনীতিৰ গতি বিশ্বৰ আন আগশাৰীৰ অর্থনীতিসমূহৰ তুলনাত উন্নত হোৱাৰ অনুমান কৰা হৈছে। এই অনুমান কৰিছে বিশ্বৰ সৰ্ববৃহৎ বিনিয়োগ বেংক গ'মেন ছেচে প্রকাশ কৰা এখন প্রতিবেদনত। 

প্রতিবেদখনত উল্লেখ কৰা মতে, চলিত বৰ্ষত ভাৰতীয় অর্থনীতিয়ে চীনতকৈ দুগুণ আৰু আমেৰিকাতকৈ প্রায় তিনি গুণ অধিক হাৰত আগবাঢ়িব। গ'ল্ডমেন ছেচে কৰা অনুমান মতে, ২০২৬ বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ উন্নয়নৰ হাৰ ৭.৯% হ'ব। এই সময়ছোৱাত চীনৰ উন্নয়নৰ হাৰ ৪.৪% হ'ব বুলি অনুমান কৰা হৈছে। আন কথাত ভাৰতৰ উন্নয়নৰ হাৰ চীনৰ উন্নয়নৰ হাৰতকৈ প্ৰায় দুগুণ অধিক হ'ব। আনহাতে, আমেৰিকাৰ উন্নয়নৰ হাৰ ২.৩% হ'ব বুলি অনুমান কৰা হৈছে। আনহাতে, ২০২৭ বৰ্ষত ভাৰতীয় অর্থনীতিৰ উন্নয়নৰ হাৰ ৭.২% হ'ব বুলি অনুমান কৰা হৈছে। এই সময়ছোৱাত চীনৰ উন্নয়নৰ হাৰ ৪.৫ আৰু আমেৰিকাৰ উন্নয়নৰ হাৰ ২.৩% হ'ব বুলি প্রতিবেদনখনত অনুমান কৰা হৈছে। 

উল্লেখযোগ্য যে বজাৰৰ বিশেষজ্ঞসকলে ভাৰতৰ উন্নয়নৰ হাৰ ৬.৮% হ'ব বুলি পূর্বানুমান কৰিছে। কেৱল ভাৰতেই নহয়, জাপান আৰু ইংলেণ্ডৰ অর্থনীতিয়েও বজাৰৰ অনুমানতকৈ ভাল প্রদর্শন কৰিব বুলি কোৱা হৈছে প্রতিবেদনখনত। প্রতিবেদনখনত বিশ্বৰ অৰ্থনীতিৰ উন্নয়নৰ প্ৰসংগও উল্লেখ কৰা হৈছে। ইয়াত কোৱা হৈছে যে চলিত বর্ষত বিশ্বৰ অৰ্থনীতিৰ উন্নয়নৰ হাৰ ২.৭% হ'ব। আনহাতে, ২০২৭ বৰ্ষত বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ উন্নয়নৰ হাৰ সামান্য বৃদ্ধি পাই ২.৮% হ'ব বুলি ইয়াত কোৱা হৈছে। আন কথাত অহা বছৰ বিশ্বৰ উন্নয়নৰ হাৰ সামান্য বৃদ্ধি পাব। ইয়াৰ প্ৰধান কাৰণ হ'ল বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম হ্রাস পোৱা আৰু কৃত্রিম বুদ্ধিমত্তা (এ আই) খণ্ডত বিনিয়োগ বৃহৎ হাৰত বৃদ্ধি পোৱাটো। কিন্তু কঠোৰ বিত্তীয় পৰিস্থিতিৰ বাবে বিশ্বৰ অৰ্থনীতিত চাপ অব্যাহত থাকিব বুলি প্রতিবেদনখনত কোৱা হৈছে। বিশ্বৰ সৰ্ববৃহৎ বিনিয়োগ বেংকটোরে প্রতিবেদনখনত উল্লেখ কৰা মতে, দক্ষিণ কোৰিয়া আৰু টাইৱানৰ দৰে দেশৰ অর্থনীতিয়ে এ আইৰ সৈতে জড়িত সামগ্ৰীৰ তথা সা-সঁজুলিৰ উৎপাদন তথা ৰপ্তানিৰ চাহিদা বৃদ্ধি পোৱাৰ সুযোগ লাভ কৰিব পাৰে। গ'ল্ডমেন ছেচৰ মুখ্য অর্থনীতিবিদ তথা গবেষণা বিভাগৰ মুৰব্বী জন হাটজিয়াছৰ মতে, ২০২৭ বৰ্ষত বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ উন্নয়ন উন্নত হ'ব যদিও এই হাৰ বৰ বেছি নহ'বও পাৰে। প্রতিবেদনখনত উল্লেখ কৰা মতে, খাৰুৱা তেলৰ দাম হ্রাস পোৱাৰ ফলত বিশ্বৰ অর্থনীতিয়ে বহুখিনি সকাহ লাভ কৰিব। বিনিয়োগ বেংকটোৰ প্ৰতিবেদনখনত উল্লেখ কৰা মতে, অচিৰেই বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম হ্রাস পাব। অহা বছৰ ডিচেম্বৰলৈ প্ৰতি বেৰল খাৰুৱা তেলৰ দাম ৭৮ ডলাৰলৈ হ্রাস পোৱাৰ সম্ভাৱনা আছে। 


ইফালে বিশ্বৰ অর্থনীতিক আগবঢ়াই নিয়াত কৃত্রিম বুদ্ধিমত্তাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে। গ'ল্ডমেন ছেক্‌চৰ অনুমান মতে, চলিত বছৰত এই খণ্ডটোত বিনিয়োগ চলিত বছৰৰ ১.১ লাখ কোটি ডলাৰৰ পৰা অহা বছৰ ১.৮ ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰে অধিকাংশ আমেৰিকাৰ হাৰ্ডৱেৰ খণ্ডৰ হ'ব বুলি অনুমান কৰা হৈছে। ই বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনলৈ প্রায় ০.৪% অৱদান আগবঢ়াব বুলি অনুমান কৰা হৈছে। আনহাতে, আমেৰিকাৰ জি ডি পিলৈ ইয়াৰ অৱদান হ'ব প্রায় ০.৬%। প্রতিবেদনখনত উল্লেখ কৰা মতে, শক্তিৰ দাম হ্রাস পোৱাৰ ফলত অহা বছৰ বিশ্বত মুদ্রাস্ফীতিৰ হাৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ইফালে বিশ্বৰ অৰ্থনীতি কেইটামান প্রত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে বুলিও প্রতিবেদনখনত উল্লেখ কৰা হৈছে। ইয়াত কোৱা হৈছে যে বিশ্ব অর্থনীতি ইৰানৰ সৈতে সংঘৰ্ষ বৃদ্ধি পোৱা, চৰকাৰসমূহৰ ৰাজহ ঘাটি বৃদ্ধি পোৱা আৰু কৃত্রিম বুদ্ধিমত্তা খণ্ডৰ পৰা আশানুৰূপ ফল নোপোৱাৰ দৰে প্রত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে ।

Share This