৬.৬% বিকাশেৰে ২০২৬ত বিশ্বৰ দ্রুত অৰ্থনীতিৰ দেশ হ'ব ভাৰত, ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ প্ৰতিবেদনৰ তথ্য

dainik janambhumi January 11, 2026

ডিজিটেল ডেস্ক : প্রত্যাহ্বানমূলক বিশ্বজনীন পৰিস্থিতিৰ পাছতো ২০২৬ চনত ভাৰতৰ বিকাশৰ হাৰ ৬.৬ শতাংশ হ'ব। এই সম্ভাৱনা ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘই। 

ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সমাজ পৰিক্ৰমা বিভাগে বৃহস্পতিবাৰে প্ৰকাশ কৰা 'দ্য ৱৰ্ল্ড ইকনমিক ছিটুৱেশ্যন এণ্ড প্রছপেক্টেছ-২০২৬' শীর্ষক প্রতিবেদনত এই তথ্য উল্লেখ কৰা হৈছে। 

উল্লেখ কৰিছে যে ভাৰতৰ প্ৰতিবেদনত বিকাশৰ হাৰ ২০২৫ চনৰ আনুমানিক ৭.৪ শতাংশৰ পৰা ২০২৬ চনত ৬.৬ শতাংশলৈ হ্রাস পাব। তথাপি ভাৰত বিশ্বৰ দ্রুত বিকশিত অর্থনীতিয়ে হৈ থাকিব। আমেৰিকাই আৰোপ কৰা উচ্চ পৰিমাণৰ শুল্কই ২০২৬ চনত ভাৰতীয় অর্থনীতিৰ বিকাশত প্রভাৱ পেলাব বুলিও উল্লেখ কৰা হৈছে।

Share This