উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰীয় চৰকাৰে, বিতাৰণ কৰা একাংশ লোকক বাংলাদেশৰ পৰা ঘূৰাই আনিব ভাৰতে

dainik janambhumi May 24, 2026

ডিজিটেল ডেস্ক : বাংলাদেশলৈ পূৰ্বে বিতাৰণ কৰা কিছু লোকক ভাৰতলৈ পুনৰ ঘূৰাই অনা হ'ব। কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে এই কথা উচ্চতম ন্যায়ালয়ক অৱগত কৰে। 

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰীয় চৰকাৰৰ হৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্তৰ নেতৃত্বৰ তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত কয় যে পূর্বতে বাংলাদেশলৈ বিতাৰণ কৰা কিছু লোকক ভাৰতলৈ পুনৰ ঘূৰাই আনি তেওঁলোকৰ ভাৰতীয় নাগৰিকত্বৰ দাবীসমূহ চালি-জাৰি চাই পৰীক্ষা কৰা হ'ব। 

কেন্দ্ৰীয় চৰকাৰে কিছু লোকক ঘূৰাই আনি তেওঁলোকৰ ভাৰতীয় নাগৰিকত্বৰ স্থিতি বিতংভাৱে পৰীক্ষা কৰিব বুলি তুষাৰ মেহতাই কয়। এই ক্ষেত্ৰত সর্বোচ্চ আদালতে কয় যে কেন্দ্ৰীয় চৰকাৰে ৮-১০ দিনৰ ভিতৰত এইসকল বিতাৰিত লোকক ভাৰতলৈ ঘূৰাই আনিব লাগে।

Share This