ডিজিটেল ডেস্ক : টাইৱান এথলেটিকছ অপেনত শনিবাৰে ভাৰতীয় এথলীটে ৪টাকৈ স্বর্ণ পদক জয় কৰে। ইয়াৰ ভিতৰত আছে মহিলাৰ এছিয়ান চেম্পিয়ন জ্যোতি য়াৰাজীৰ ১০০ মিটাৰ হার্ডলছত স্বর্ণ পদক। ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰী জ্যোতিয়ে ১২.৯৯ ছেকেণ্ড লৈ টাইপাই মিনিউচিপেল ষ্টেডিয়ামত জাপানৰ অচুকা টেৰাদাক (১৩.০৪ ছেকেণ্ড) দ্বিতীয় স্থানলৈ ঠেলি দিয়ে। জ্যোতিয়ে যোৱা ২৯ মে'ত এছিয়ান চেম্পিয়নশ্বিপত দক্ষিণ কোৰিয়াত স্বর্ণ পদক জয় কৰিছিল ১২.৯৬ ছেকেণ্ডত। অৱশ্যে জ্যোতিৰ ৰাষ্ট্ৰীয় অভিলেখ হ'ল ১২.৭৮ ছেকেণ্ড। পুৰুষৰ ১১০ মিটাৰ হাৰ্ডলছতো ভাৰতৰ ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰী তেজাছ শিৰচে আজি ইয়াত স্বর্ণ পদক জয় কৰে। তেওঁ সময় লয় ১৩.৫২ ছেকেণ্ড। এয়া তেওঁৰ কেৰিয়াৰৰ দ্বিতীয় দ্রুততম সময়।
২৩ বছৰীয়া তেজাছৰ ৰাষ্ট্ৰীয় অভিলেখ হ'ল ১৩.৪১ ছেকেণ্ড। ভাৰতৰ হৈ আন দুটা স্বর্ণ পদক জয় কৰে পুৰুষৰ ত্ৰিপল জাম্পত আব্দুলা আবুবাকাৰ আৰু মহিলাৰ ১৫০০ দৌৰত পূজাই। আব্দুলাই জঁপিয়াই ১৬.২১ মিটাৰ আৰু পূজাই সময় লয় ৪ মিনিট ১১.৬৩ ছেকেণ্ড। পূজা আছিল এইবাৰ এছিয়ান চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজেতা। ইফালে ভাৰতৰ পুৰুষৰ ৪×১০০ মিটাৰ ৰীলে দৌৰৰ দলটোৱে ৩৮.৬৯ ছেকেণ্ড সময় লৈ আন এটা স্বর্ণ পদক জয় কৰে।
এই দলটোত আছিল গুৰীন্দ্ৰৰ ভিৰ সিং, অনিমেষ কাজুৰ, মণিকান্ত হবলিধৰ আৰু অসমৰ অম্লান বৰগোহাঁই। আনহাতে, মহিলাৰ ৪×১০০ ৰীলে দৌৰৰ দলটোৱেও স্বর্ণ পদক জয় কৰে ৪৪.০৬ ছেকেণ্ড সময়ৰে। এই দলত আছিল সুদীক্ষা ভাদলুৰি, স্নেহা সত্যনাৰায়ণ, অভিনয়া ৰাজা ৰঞ্জন আৰু নিত্যা গান্ধী।