ডিজিটেল ডেস্ক: বলাৰৰ লগতে অধিনায়িকা হৰমনপ্রীত কৌৰৰ আকৰ্ষণীয় অর্ধশতৰানৰ সহায়ত শ্রীলংকাক কালি ভাৰতে পঞ্চম তথা অন্তিম টি-২০-ত ১৫ ৰানত পৰাজিত কৰে আৰু তেনেদৰেই পাঁচখনীয়া শৃংখলা ৫-০ ব্যৱধানত দখল কৰে।
প্ৰথমে বেট ধৰি ৭উইকেটত ১৭৫ ৰান কৰাৰ পাছত ভাৰতে অতিথি শ্রীলংকাক ৭ উইকেটত ১৬০ ৰানত সীমিত ৰাখে। ইমেশ্বা দুলানী (৫০) আৰু হাছিনী পেৰেৰাই (৬৫) অর্ধশতক অৰ্জন কৰিলেও দলক জয়ৰ লক্ষ্যলৈ তুলি নিয়াত ব্যর্থ হয়।
ইয়াৰ আগেয়ে অধিনায়িকা হৰমনপ্রীত কৌৰৰ দৃঢ়তাপূর্ণ অর্ধশতৰানেৰে ভাৰতে ৭ উইকেটত ১৭৫ ৰানৰ প্রত্যাহ্বানমূলক স্ক'ৰ থিয় কৰিছিল। ভাৰতে এটা সময়ত ১১ অ'ভাৰত ৫টা উইকেট হেৰুৱাই ৭৭ ৰান কৰি শ'লঠেকত পৰিছিল। পিছে হৰমনপ্রীতে ৪৩টা বল খেলি ৯টা চাৰি আৰু এটা ছয়েৰে ৬৭ ৰান কৰি ভাৰতৰ স্ক'ৰ সন্মানজনক অৱস্থালৈ তুলি নিয়ে। অধিনায়িকা হৰমনপ্ৰীতক যোগ্য সহযোগিতা আগবঢ়ায় অমনজ্যোত কৌৰ (২১) আৰু অৰুন্ধতী ৰেড্ডীয়ে (অপঃ ২৭)।