ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী, দেশত বৃদ্ধি পাব শীতৰ প্ৰকোপ

dainik janambhumi December 15, 2025

ডিজিটেল ডেস্কঃ সমগ্র দেশ শীত প্ৰবাহৰ কবলত পৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা বতৰৰ আগলি বতৰা অনুসৰি অহা সপ্তাহত দেশত শীতৰ প্রকোপ অধিক বৃদ্ধি পাব আৰু ইয়াৰ ফলত নিম্নতম তাপমাত্রা অধিক হ্রাস পাব। 

এইবাৰৰ শীতকালৰ আটাইতকৈ প্রবল পশ্চিমীয়া বিক্ষোভ (ৱেষ্টার্ন ডিষ্টার্বেন্স) ১৭ডিচেম্বৰত হিমালয়ৰ ৰাজ্যসমূহত ভুমুকি মাৰিব। ইয়াৰ প্ৰভাৱত ১৮-২০ ডিচেম্বৰত জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু হিমাচল প্রদেশত প্রবল হিমপাত হোৱাৰ সম্ভাৱনা আছে। 

পাহাৰীয়া ৰাজ্যসমূহত ন্যূনতম তাপমাত্রা ৫-৬ ডিগ্রী চেলছিয়াছ হ্রাস পাব বুলি কোৱা হৈছে। কাশ্মীৰত আটাইতকৈ শীতৰ দিন 'চিল্লই কলা' ২১ ডিচেম্বৰৰ পৰা ৪০ দিন চলিব। ১৫-১৯ ডিচেম্বৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত নিম্নতম তাপমাত্রা স্বাভাৱিক অৱস্থাতকৈ ১.৬ ডিগ্রী তললৈ নামিব।

Share This