নাছাৰ ‘চন্দ্ৰৰ পৰা মঙললৈ’ কাৰ্যসূচীৰ মুৰব্বী পদত ভাৰতীয় মূলৰ অভিযন্তা অমিত ক্ষত্ৰীয়

Jyoti Borah September 08, 2023

ডিজিটেল ডেস্কঃ আমেৰিকাৰ মহাকাশ সংস্থা, নাছাই নতুনকৈ আৰম্ভ কৰা চন্দ্ৰৰ পৰা মঙল গ্ৰহলৈ কাৰ্যসূচীৰ প্ৰথম মুৰব্বী হিচাপে ভাৰতীয় মূলৰ এজন ছফ্‌টৱেৰ আৰু ৰবটিকছ অভিযন্তাক নিযুক্তি দিয়া হৈছে৷ এই কাৰ্যসূচীৰ জৰিয়তে নাছাই মঙল গ্ৰহলৈ মানৱৰ পৰৱৰ্তী বৃহৎ খোজৰ প্ৰস্তুতিৰ বাবে চন্দ্ৰত দীৰ্ঘম্যাদী উপস্থিতি নিশ্চিত কৰাৰ পৰিকল্পনা কৰিছে৷ 
আজি মহাকাশ সংস্থাটোৱে জাৰি কৰা এটা বিবৃতিত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় মূলৰ অভিযন্তা অমিত ক্ষত্ৰীয়ক কাৰ্যালয়টোৰ প্ৰথম মুৰব্বী হিচাপে নিযুক্তি দিয়াৰ কথা প্ৰকাশ কৰিছে৷ নাছাৰ প্ৰশাসক বিল নেলচনে কয় যে ‘চন্দ্ৰৰ পৰা মঙল গ্ৰহলৈ কাৰ্যসূচী’ৰ কাৰ্যালয়ে চন্দ্ৰলৈ তেওঁলোকৰ সাহসী অভিযান সম্পাদন কৰাৰ ক্ষেত্ৰত প্ৰস্তুতি চলোৱাত নাছাক সহায় কৰিব, যাতে পৰৱৰ্তী সময়ত মঙল গ্ৰহৰ পৃষ্ঠত মানৱে প্ৰথম খোজ দিব পাৰে৷ 
এতিয়াৰ পৰা অন্বেষণৰ সোণালী যুগ আৰম্ভ হৈছে আৰু এই নতুন কাৰ্যালয়টোৱে ৰঙা গ্ৰহলৈ মানৱৰ পৰৱৰ্তী বৃহৎ খোজৰ প্ৰস্তুতিৰ বাবে চন্দ্ৰত দীৰ্ঘম্যাদী উপস্থিতিৰ ক্ষেত্ৰত নাছাক সহায় কৰিব৷ কাৰ্যসূচীৰ প্ৰথম মুৰব্বী হিচাপে নিযুক্তি পোৱা ভাৰতীয় মূলৰ অভিযন্তা অমিত ক্ষত্ৰীয়ই ২০০৩ চনত মহাকাশ কাৰ্যসূচীত তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল৷ চন্দ্ৰৰ পৰা মঙল গ্ৰহলৈ মানৱ অভিযানটোৰ কাৰ্যসূচী পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰত ক্ষত্ৰীয়ই দায়িত্ব পালন কৰিব৷
 

Share This