দেশৰ ক্ৰীড়াক্ষেত্ৰত ভয়াৱহ সংকট: সর্বাধিক আসক্ত এথলেটিকছ খেলুৱৈ, ড'পিঙৰ শীৰ্ষত ভাৰতীয় খেলুৱৈ

dainik janambhumi March 16, 2026

ডিজিটেল ডেস্ক: ভাৰতত ড'পিঙৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নিজৰ প্ৰদৰ্শন উন্নত কৰাৰ বাবে নিষিদ্ধ শক্তিবর্ধক দ্রব্য সেৱন কৰা এথলীটৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰত এতিয়া বিশ্বৰ ভিতৰত শীৰ্ষত আছে। বিশ্ব ড'পিং প্রতিৰোধী এজেন্সীয়ে প্রকাশ কৰা তথ্য মতে, ভাৰত একেৰাহে তৃতীয় বছৰৰ বাবে ড'পিং উলংঘাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত শীর্ষ স্থানত আছে। 

২০২৪ বৰ্ষত ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক ২৬০গৰাকী এথলীটে নিষিদ্ধ শক্তিবর্ধক দ্রব্য সেৱন কৰাটো ধৰা পৰে। ২০২৩ চনত পজিটিভ পোৱা খেলুৱৈৰ সংখ্যা আছিল ২১৩গৰাকী। ২০২৪  বৰ্ষত ভাৰতত মুঠ ৭,৩৩৩টা নমুনা সংগ্রহ কৰা হৈছিল। ইয়াৰে ৩১৮টা তেজৰ নমুনা আগশাৰীৰ এথলীটৰ পৰা সংগ্ৰহ কৰা হৈছিল। ইয়াৰ ভিতৰত ৩.৬৫% অর্থাৎ ২৬০টা নমুনাত নিষিদ্ধ দ্রব্য সেৱন কৰাটো ধৰা পৰে। সৰ্বাধিক ট্রেক এণ্ড ফিল্ডৰ খেলুৱৈৰ ৭৬টা নমুনা পজিটিভ পোৱা হয়। ইয়াৰ পাছত মল্লযুদ্ধৰ ৪৩গৰাকী আৰু ভাৰোত্তোলনৰ ২৯ গৰাকীৰ নমুনা পজিটিভ পোৱা হয়। এই সমস্যাটোক লৈ এতিয়া কেন্দ্রীয় চৰকাৰো গভীৰভাৱে চিন্তিত হৈ পৰিছে। 

উল্লেখযোগ্য যে ড'পিঙৰ এই সমস্যাই ভাৰতৰ ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ বাবে চলোৱা প্ৰচেষ্টাতো হেঙাৰৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে। উল্লেখযোগ্য যে অলিম্পিয়ান কমলপ্রীত কৌৰ আৰু শিৱপাল সিঙৰ দৰে আগশাৰীৰ এথলীটো ড'পিঙৰ পৰীক্ষাত শক্তিবর্ধক দ্রব্য সেবন কৰাটো ধৰা পৰে। সাধাৰণতে খেলুৱৈসকলে নিজৰ প্ৰদৰ্শন উন্নত কৰাৰ কাৰণে এনাবলিত ষ্টেৰয়ড সেবন কৰে। এই সমস্যাটোৱে দেশত গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পাছত উদ্বিগ্ন হৈ পৰা কেন্দ্ৰীয় চৰকাৰে দেশৰ ক্রীড়া সংগঠনসমূহলৈ পুনৰ নীতি-নির্দেশনা জাৰি কৰিছে। 

কেন্দ্রীয় ক্রীড়া মন্ত্র্যালয়ে ভাৰতীয় অলিম্পিক সন্থাকে (আই অ' টি) ধৰি বিভিন্ন স্বীকৃতিপ্রাপ্ত ক্রীড়া ফেডাৰেশ্যনসমূহক খেলুৱৈৰ প্ৰস্তুতিৰ সময়ত যোগান ধৰা পুষ্টিকৰ খাদ্য আৰু পৰিপূৰক খাদ্যসমূহ উপযুক্ত হৈছে নে নাই সেইটো সুনিশ্চিত কৰিবলৈ নির্দেশ দিয়ে। ম্যালয়ৰ সূত্রই এই কথা প্রকাশ কৰি কয় যে এথলীটসকলে ক্ষতিকাৰক সামগ্ৰী মিহলোৱা, ভেজাল তথা ভুল তথ্য লিখা থকা পুষ্টিকৰ পৰিপূৰক খাদ্য খোৱাৰ আশংকা হ্রাস কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মন্ত্ৰ্যালয়ে এই প্রসংগত ২০২২ চনৰ ১১ এপ্ৰিলত দিয়া নিজৰ পত্ৰখনৰ বিষয়ে উল্লেখ কৰি দোহাৰে যে পুষ্টিকৰ পৰিপূৰক খাদ্যৰ ক্ৰয়, সংৰক্ষণ আৰু বিতৰণৰ দায়িত্ব ৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেশ্যনসমূহৰ। 

ফেডাৰেশ্যনসমূহে পৰিপুষ্টি বিশেষজ্ঞৰ নীতি-নির্দেশনা আৰু পৰামৰ্শৰ ভিত্তিত খেলুৱৈৰ বাবে এনেধৰণৰ পৰিপূৰক খাদ্যৰ প্রয়োজনীয়তা সম্পর্কত সিদ্ধান্ত ল'ব পাৰে। মন্ত্র্যালয়ে ফেডাৰেশ্যনসমূহত এই বুলিও নির্দেশ দিয়ে যে তেওঁলোকে খেলুৱৈসকলে ক্রয় কৰা যিকোনো পৰিপুষ্টি পৰিপূৰক খাদ্য প্রথমে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণৰ (এফ এছ এছ এ আই) স্বীকৃতিপ্রাপ্ত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় (এন এফ এছ ইউ) আৰু ৰাষ্ট্ৰীয় ঔষধি শিক্ষা আৰু গৱেষণা প্রতিষ্ঠানত (এন আই পি ই আব) পৰীক্ষা কৰি ল'ব লাগে। ইয়াৰ লগতে মন্ত্ৰ্যালয়ে এই বুলিও নির্দেশ দিয়ে যে পুষ্টিকৰ খাদ্য ক্ৰয়ৰ নথি-পত্ৰত এটা বিশেষ চর্ত আৰোপ কৰিব লাগে, য'ত যোগানকাৰীয়ে তেওঁলোকে যোগান ধৰা পৰিপূৰক পুষ্টিকৰ খাদ্যৰ বেটচ পৰীক্ষা কৰা হৈছে আৰু বিশ্ব ড'পিং প্রতিৰোধী এজেন্সীৰ শেহতীয়া সূচী অনুসৰি নিষিদ্ধ পদাৰ্থৰ পৰা মুক্ত বুলি প্রমাণ-পত্ৰ দিব লাগিব। ইয়াৰ লগতে কোৱা হৈছে যে পৰিপূৰক খাদ্য সামগ্ৰীৰ কেৱল সামগ্রীবিধ বা বেটচৰ উপযুক্ত সত্যৰ্পণ কৰা আৰু গৱেষণাগাৰক পৰীক্ষাৰ পাছতহে ক্ৰয় কৰিব লাগে আৰু পৰীক্ষাৰ প্ৰতিবেদন আৰু বেটচৰ বিৱৰণ উপযুক্তভাৱে সংৰক্ষণ কৰি থ'ব লাগে ।

Share This