ভিছা অনিশ্চয়তা, শিক্ষা ব্যয়বহুল হোৱাৰ প্ৰভাৱ, আমেৰিকাত ভাৰতীয় শিক্ষার্থী ৪৫% হ্রাস

dainik janambhumi February 28, 2026

ডিজিটেল ডেস্ক: ২০২৫ চনৰ আগষ্টত আমেৰিকাৰ বিশ্ববিদ্যালয় সমূহত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি ৪৫% হ্রাস পাইছে। আনহাতে, ভাৰতীয় 'গ্রেডুৱেট মেনেজমেন্ট' পাঠ্যক্ৰমবোৰত আন্তঃৰাষ্ট্ৰীয় শিক্ষার্থীৰ সংখ্যা ২৫% বৃদ্ধি পাইছে। 

'গ্রেডুৱেট মেনেজমেন্ট' নামভৰ্তি পৰিষদৰ শেহতীয়া শ্বেতপত্রত এই তথ্য প্রকাশ পাইছে। ভাৰতীয় বিশ্ববিদ্যালয় সমূহলৈ বিদেশী শিক্ষীৰ্থীৰ আগমন বৃদ্ধি হোৱাটোৱে দেশৰ শিক্ষা-ব্যৱস্থা উন্নত হোৱাটো প্রতিফলিত কৰিছে। আনহাতে, বিদেশী শিক্ষার্থীৰ বাবে ভিছাৰ অনিশ্চয়তা, অধ্যয়নত ব্যয়বহুল মাচুল আদিৰ পৰিপ্ৰেক্ষিতত এছিয়া আৰু ইউৰোপীয় শিক্ষাৰ্থীৰ সংখ্যা আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহত হ্রাস পাবলৈ ধৰিছে। 

শ্বেতপত্ৰখনত প্রকাশিত তথ্য অনুসৰি, ইউৰোপ (ব্রিটেইন বাদ দি) আৰু এছিয়া মহাদেশত বিশেষকৈ ভাৰতত বিদেশী শিক্ষীৰ্থীৰ সংখ্যা ক্রমান্বয়ে বৃদ্ধি পাইছে। আনহাতে, ব্রিটেইন আৰু আমেৰিকাত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা লক্ষণীয়ভাৱে কমিছে।

Share This