দাম হ্রাস পোৱাত আতংক, যোৱা ৩ মাহত ৫০ হাজাৰ কেজি সোণ বেচিলে ভাৰতীয়ই

dainik janambhumi July 01, 2026

ডিজিটেল ডেস্ক : সোণৰ দাম বিগত পাঁচ মাহত বৃহৎ হাৰত হ্রাস পাইছে । সাধাৰণতে বজাৰত সোণ আৰু ৰূপৰ দাম হ্রাস পালে সাধাৰণ বিনিয়োগকাৰীয়ে সোণ ক্রয় কৰে। কিন্তু বিগত কেইটামান মাহত ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবিহে দেখা পোৱা গৈছে। বিগত কেইটামান মাহত সোণৰ দাম ক্ৰমাৎ ধাৰাবাহিকভাৱে হ্রাস পাই থকা অৱস্থাতো বহু ভাৰতীয় পৰিয়ালে নিজৰ পুৰণি গহনা বিক্ৰী কৰাৰ প্রতিযোগিতাতহে যেন নামিছে। পৰিয়ালসমূহে ব্যাপক হাৰত জমা সোণ বিক্রী কৰিবলৈ লৈছে। 

উল্লেখযোগ্য যে চলিত মাহত সোণৰ দাম প্রায় ১৫ হাজাৰ টকা হ্রাস পায়। আনহাতে ৰূপৰ দাম হ্রাস পাইছে প্রায় ৪৫ হাজাৰ টকা। দুয়োবিধ ধাতুৰ দাম অধিক হ্রাস পোৱাৰ আশংকা কৰা হৈছে আৰু সেয়েহে সোণ বিক্রী কৰি নগদ ধন লোৱাত হেতা-ওপৰা লগাইছে। যদিহে সোণৰ দাম অধিক হ্রাস পায়, তেতিয়া সঠিক মূল্য নাপাব বুলি আশংকাত ভুগি ভাৰতীয় পৰিয়ালসমূহে এই পদক্ষেপ লৈছে। ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ'চিয়েশ্যনৰ (আই বি জে এ) তথ্য মতে, এপ্রিল-জুন ত্রিমাসিকত ভাৰতীয় পৰিয়ালসমূহে প্রায় ৫০ হাজাৰ কিল'গ্রাম (৫০ টন) সোণ বিক্ৰী কৰে। 

যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত এইবাৰ সোণৰ বিক্ৰী ৪৩% বৃদ্ধি পায়। সাধাৰণতে ভাৰতীয় গ্রাহকে পুৰণি সোণৰ গহনা দি নতুন গহনা ক্রয় কৰে। কিন্তু এইবাৰ এই প্ৰৱণতা সলনি হোৱা দেখা পোৱা গৈছে। এইবাৰ গহনা সলনা-সলনি কৰাৰ পৰিৱৰ্তে নগদ ধন লোৱাহে দেখা পোৱা গৈছে, অৰ্থাৎ লাভ আদায়ৰ চেষ্টা কৰা দেখা পোৱা গৈছে। সোণৰ দাম হ্রাস পালে তেওঁলোকৰ বিনিয়োগৰ পৰা কম লাভ পাব বুলি অধিকাংশ গ্রাহক শংকিত হৈ পৰিছে। উল্লেখযোগ্য যে জানুৱাৰী মাহত প্রতি দহ গ্রাম সোণৰ দাম ১ লাখ ৮০ হাজাৰ টকালৈ বৃদ্ধি পায়। ইয়াৰ পাছত সোণৰ দাম ক্রমান্বয়ে হ্রাস পাবলৈ ধৰে। বর্তমান প্রতি দহ গ্রাম সোণৰ ১ লাখ ৪০ হাজাৰ টকা হৈছে। 

যোৱা পাঁচ মাহত সোণৰ দাম ইয়াৰ সৰ্বোচ্চ মূল্য প্রায় ৩৬ হাজাৰ টকা হ্রাস পাইছে। আই বি জে এৰ সভাপতি যোগেশ সিংহলে এখন ইংৰাজী দৈনিক বাতৰি কাকতক কয়, অচিৰেই সোণৰ মূল্য প্রতি দহ গ্রামত ১.২০ লাখ টকালৈ হ্রাস পাব পাৰে। অল ইণ্ডিয়া জেম এণ্ড জুৱেলাৰী ডমষ্টিক কাউঞ্চিলৰ অধ্যক্ষ ৰাজেশ ৰোকড়েই কয় যে অচিৰেই সোণৰ মূল্য আৰু অধিক হ্রাস পাব। তেওঁৰ মতে প্রতি দহগ্রাম সোণৰ মূল্য ১.৩৫ লাখ টকাৰ তললৈ নমাৰ সম্ভাৱনা আছে। আন্তঃৰাষ্ট্ৰীয় বজাৰতো সোণৰ দাম হ্রাস পোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ কয়। উল্লেখযোগ্য যে ভাৰতত কেইমাহ মানৰ পাছতে বিয়া আৰু উৎসৱৰ বতৰ আৰম্ভহ'ব। এনে অৱস্থাত ভৱিষ্যতে সোণৰ মূল্য হ্রাস পোৱাৰ আশংকাত ভুগিছে ভাৰতীয় পৰিয়ালসমূহ। অনুমান কৰা মতে, ভাৰতীয় পৰিয়ালসমূহৰ হাতত প্রায় ৩০ হাজাৰ টন সোণ মজুত আছে। এনে অৱস্থাত পৰিয়ালসমূহে নিজৰ জমা সোণ বিক্ৰী কৰিলে সোণৰ আমদানি বহুখিনি হ্রাস পাব বুলি কোৱা হৈছে। যোৱা বিত্তীয় বর্ষত ভাৰতে ৭২৪০ টন সোণ আমদানি কৰিছিল। 

আনহাতে ২০২৫ বৰ্ষত ভাৰতত ১২৫-১৫০ টন পুৰণি সোণ বিক্ৰী কৰা হৈছিল। ঘৰৰ বিক্রী হ্রাস: ইফালে ভাৰতীয় অৰ্থনীতিত ইৰান যুদ্ধৰ প্ৰভাৱৰ ইংগিত আন এটা বাতৰিত পোৱা গৈছে। এটা বাতৰিত প্ৰকাশ পোৱা মতে দেশত এইবছৰৰ এপ্রিল-জুনত ঘৰৰ বিক্ৰী উল্লেখনীয়ভাৱে হ্রাস পাইছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত দেশত ৯০,৭১৫টাহে ঘৰ বিক্ৰী হয়। ৰিয়েল এষ্টেত কনছালটেন্সী ফার্ম এনাৰকে প্ৰকাশ কৰা এখন প্রতিবেদনৰ পৰা এই কথা জনা গৈছে। ইয়াত কোৱা হৈছে যে পশ্চিম এছিয়াত উত্তেজনা অব্যাহত থকা আৰু যোগান প্রণালীত পৰা প্ৰভাৱৰ ফলত বিশ্বৰ অৰ্থনীতিত অনিশ্চয়তা অব্যাহত থাকে। ইয়াৰ ফলত দেশত ঘৰৰ বিক্ৰী তিনি বছৰৰ ভিতৰত সৰ্বনিম্ন হয়গৈ। এই প্রতিবেদনখনত উল্লেখ কৰা মতে যোৱা বিত্তীয় বৰ্ষত আবাসিক ঘৰৰ বিক্ৰী ৪,০৪,০০৫টালৈ হ্রাস পায়। 

আনহাতে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত এতিয়ালৈকে ৯০,৭১৫টা ঘৰ বিক্ৰী হয়। আন কথাত এই সময়ছোৱাত বিক্রী ৬% হ্রাস পায়। যোৱা বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্রিমাসিকত ঘৰৰ বিক্ৰী আছিল ৯৬,২৮৫টা। সেই হিচাপত ঘৰৰ বিক্রী ১১% হ্রাস পাইছে। এই সময়ছোৱাত মুম্বাই আৰু বেংগালুৰুত সর্বাধিক গড় বিক্রী হয় মুম্বাই আৰু বেংগালুৰুত। দেশৰ আগশাৰীৰ সাতখন মহানগৰৰ ভিতৰত কলকাতা আৰু হায়দৰাবাদতো ঘৰৰ বিক্ৰী বৃদ্ধি পায়। সামগ্রিকভাবে পুনেত সর্বাধিক ১৫% হ্রাস পায়। ঘৰৰ বিক্ৰী হ্রাস পালেও নির্মাণ হ্রাস পোৱা নাই। এই সময়ছোৱাত দেশত নতুন ঘৰ মুকলি কৰাতো সাত শতাংশ বৃদ্ধি পায়। শীর্ষ সাতখন মহানগৰত নতুন ঘৰৰ নিৰ্মাণ ৫৩% বৃদ্ধি পায়। আনহাতে এই সাতখন মহানগৰত ঘৰৰ দাম ৭% বৃদ্ধি পাইছে।

Share This