চোৰে ঘৰৰ বেৰত লিখি থৈ গ’ল চিনেমাৰ সংলাপ! ডাঙৰকৈ লিখিলে অমিতাভ বচ্ছনৰ 'অগ্নিপথ’ চিনেমাৰ নাম, ক’ত?

Jyoti Borah August 03, 2023

ডিজিটেল ডেস্কঃ অমিতাভ বচ্চন অভিনীত ছবি ‘অগ্নিপথ’ৰ সংলাপ দেৱালত লিখি চুৰি কাৰ্য কৰিলে এটা চোৰে। আৰক্ষীয়ে চোৰটোক ধৰিবলৈ গৈ এই দেৱাললিখনসমূহ উদ্ধাৰ কৰে। দেওবাৰে নিশা ইন্দোৰৰ জুনা ৰিছালা অঞ্চলত সংঘটিত হয় এই ঘটনা। আনোৱাৰ কাদ্ৰী নামৰ এজন বাসিন্দাৰ ঘৰৰ পৰা ধন আৰু গহনা চুৰি কৰাৰ বাবে ইন্দোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিজয় যাদৱক। বিজয়ৰ সহযোগী সোণু যাদৱ এতিয়াও পলাতক হৈ আছে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰিছে তালাচী অভিযান।

আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে নিশা সকলোৱে শুই থকা অৱস্থাত বিজয় আৰু সোণুৱে আনোৱাৰৰ ঘৰ ভাঙি সোমাইছিল। নগদ ধনৰ উপৰিও সোণ আৰু ৰূপৰ গহনাও চুৰি হোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, চুৰিৰ পিছত সোণুৱে আনোৱাৰৰ ঘৰৰ পৰা পলাই যায় যদিও বিজয় ঘৰৰ ভিতৰতে থাকে।

বিজয়ক সোধা-পোছা কৰাৰ অন্তত আৰক্ষীয়ে গম পালে যে তেওঁ চুৰি কৰিবলৈ আহি আনোৱাৰ ঘৰৰ বেৰত ‘অগ্নিপথ’ ছবিখনৰ নাম লিখিছে। বিজয়ে নিজকে অমিতাভৰ এক নিষ্ঠাবান অনুৰাগী বুলি দাবী কৰে। চুৰিৰ অভিযোগত অভিযুক্ত বিজয়ে আনোৱাৰৰ ঘৰৰ দেৱালখন ভাল পোৱা বুলি দাবী কৰে।

আনোৱাৰৰ ঘৰৰ পৰা এটা স্কেচ পেন সংগ্ৰহ কৰি তেওঁ অমিতাভৰ ছবিৰ জনপ্ৰিয় সংলাপবোৰ বেৰত লিখিবলৈ আৰম্ভ কৰে। ‘অগ্নিপথ’ ছবিখনৰ নামো দেৱালত ডাঙৰ আখৰেৰে লিখে। এই কাণ্ড দেখি আনোৱাৰে লগে লগে আৰক্ষীক খবৰ দিয়ে। তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিজয়ক গ্ৰেপ্তাৰ কৰে। পলাতক সোণুক বিচাৰি এতিয়াও বিচাৰি আছে।

Share This