মাজুলীৰ আদৰ্শ কৃষক ইন্দ্ৰ কুমাৰ পেগুৰ সাফল্য

dainik janambhumi May 09, 2026

ডিজিটেল ডেস্ক : যথেষ্ট পৰিশ্ৰম, অধ্যৱসায় আৰু কর্মনিষ্ঠাৰে কৃষিখণ্ডত সফলতাৰ নতুন দৃষ্টান্ত স্থাপন কৰিছে মাজুলীৰ জাৱৰচুক কাঠনি গাঁৱৰ আদৰ্শ খেতিয়ক ইন্দ্ৰ কুমাৰ পেগুৱে। উজনি মাজুলীৰ ৰতনপুৰ মিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত জাৱৰচুক কাঠনি গাঁৱৰ বাসিন্দা তথা শ্ৰৱণ পেগুৰ জ্যেষ্ঠ পুত্ৰ ইন্দ্ৰ কুমাৰ পেগুৱে কৃষিকৰ্মৰ জৰিয়তে অর্থনৈতিক স্বাৱলম্বিতাৰ এক উজ্জ্বল নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

প্রায় ১২ বিঘা কৃষিভূমিত গঢ়ি তোলা তেওঁৰ কৃষি বাগানত বৰ্তমান ষ্ট্ৰবেৰী, ড্ৰেগন ফ্রুট, তিয়ঁহ, তৰমুজ, আদা, জলকীয়া, লাইশাক, ধান, ভেন্দী, ফ্রেন্সবিন, দাংবদি, ৰঙালাও, আনাৰস আদি বিভিন্ন শস্যৰ সফল খেতি কৰি আহিছে। কৃষি বাগানখনত প্ৰৱেশ কৰিলেই চৌদিশে দৃষ্টিনন্দন পৰিৱেশে সকলোকে আকৰ্ষিত কৰে। খেতিয়কগৰাকীয়ে জানিবলৈ দিয়া মতে, ষ্ট্ৰবেৰী খেতিৰ বাবে প্রায় সাত হাজাৰ পুলি ৰোপণ কৰা হৈছিল। ডিচেম্বৰৰ পৰা মে' মাহলৈকে চলা এই খেতিৰ পৰা মাত্র পাঁচ মাহতেই তেওঁ প্রায় ২ লাখ ৩০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। একেদৰে ড্ৰেগন ফ্রুটৰ ফল বিক্ৰীৰ পৰা বছৰি প্ৰায় ৭০ হাজাৰ টকা আৰু পুলি বিক্ৰীৰ পৰা ৩০ৰ পৰা ৪০ হাজাৰ টকা উপার্জন কৰে। ইয়াৰ উপৰি লাই, মূলা শাক আদিৰ পৰা ৭০ হাজাৰৰ পৰা ১ লাখ টকা, আদা-নহৰুৰ পৰা ৫০ৰ পৰা ৬০ হাজাৰ টকা আৰু সৰিয়হ-মাটিমাহৰ পৰা ৭০ৰ পৰা ৮০ হাজাৰ টকা উপাৰ্জন কৰি মাজুলীৰ অন্যতম সফল আৰু উচ্চ উপাৰ্জনকাৰী খেতিয়ক হিচাপে পৰিচিতি লাভ কৰিছে। মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ জেংৰাই কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া ৰাজা ফুকনৰ প্ৰত্যক্ষ সহযোগিতা আৰু পৰামৰ্শই তেওঁৰ কৃষিযাত্রাক অধিক সফল কৰি তুলিছে। কৃষি বিভাগৰ পৰা ৪০ শতাংশ ৰাজসাহায্যত পাৱাৰ টিলাৰ আৰু ১৫ শতাংশ ৰাজসাহায্যত ছ'লাৰ পাৱাৰ ক্ৰয় কৰাৰ লগতে গ্রীন নেট, পলি হাউছ, মালচিং, স্প্রে' মেচিন, বীজ আদি বিনামূলীয়াকৈ লাভ কৰে। বিভাগীয় বিভিন্ন কাৰিকৰী প্ৰশিক্ষণ আৰু জ্ঞানৰ সহায়ত এতিয়া তেওঁ কৃষিক্ষেত্রত সুপ্রতিষ্ঠিত।

উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে ২০২০ চনত আনুষ্ঠানিক শিক্ষাজীৱন সামৰি কৃষিকৰ্মত মনোনিৱেশ কৰিছিল ইন্দ্ৰ কুমাৰ পেগুৱে। বৰ্তমান কৃষিৰ জৰিয়তে প্রায় ১৫ লাখ টকীয়া অসম আৰ্হিৰ গৃহ নিৰ্মাণৰ কাম প্রায় সম্পূৰ্ণ কৰিছে। লগতে দুচকীয়া বাহন ক্ৰয় কৰাৰ লগতে নিজৰ সন্তানক ব্যক্তিগত বিদ্যালয়ত শিক্ষাদান কৰিবলৈ সক্ষম হৈছে। এসময়ত অর্থনৈতিকভাৱে পিছপৰা পৰিয়ালটোত এতিয়া সুখ-সমৃদ্ধিৰ পৰিৱেশ বিৰাজ কৰিছে। বিশেষ তাৎপর্যপূর্ণ কথাটো হ'ল, তেওঁ পত্নীৰ সহযোগত কোনো শ্রমিক নিযুক্তি নকৰাকৈ সকলো কৃষিকার্য সম্পাদন কৰি আহিছে। তদুপৰি খেতিত কোনোধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি কেৱল জৈৱিক সাৰ আৰু গোৱৰ সাৰ প্ৰয়োগ কৰিয়েই সফলতা অর্জন কৰিছে। এসময়ত অসমৰ বহু যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ সন্ধানত বহিঃৰাজ্যলৈ ধাৱমান হোৱাৰ সময়তে ইন্দ্ৰ কুমাৰ পেগুৱে নিজ ভূমিত কৃষি বিপ্লৱৰ সূচনা কৰি আত্মনিৰ্ভৰশীলতাৰ এক অনন্য দৃষ্টান্ত স্থাপন কৰিছে। বৰ্তমান তেওঁ অঞ্চলটোৰ যুৱ সমাজৰ বাবে প্ৰেৰণা আৰু আদর্শ হিচাপে পৰিগণিত হৈছে।

Share This