আঘাত: ভাৰত 'এ' দলৰ পৰা বাদ পৰিল ৰিয়ান

dainik janambhumi June 01, 2026

ডিজিটেল ডেস্ক: আঘাতৰ বাবে শ্রীলংকাত হ'বলগীয়া আসন্ন ত্রিদেশীয় শৃংখলাৰ পৰা বাদ পৰিছে অসম সন্তান ৰিয়ান পৰাগ। ভাৰত 'এ' দলৰ সহঃ অধিনায়কৰ দায়িত্বত থকা ৰিয়ানৰ স্থান পূৰাব চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ঋতুৰাজ গাইকোৱাডে। 

হেমষ্ট্ৰিঙৰ আঘাত লৈ আই পি এলত খেলা ৰিয়ানে কমেও ৩ মাহ ক্ৰিকেটৰ পৰা আঁতৰি থাকিব লাগিব। অহা ৯ জুনত আৰম্ভ হ'বলগীয়া প্রতিযোগিতাখনত অংশ ল'ব ভাৰত 'এ' শ্রীলংকা 'এ' আৰু আফগানিস্তান 'এ' দলে।

Share This