ডিজিটেল ডেস্ক : আমনজোট কৌৰৰ অপৰাজিত ৬৩ আৰু জেমিমা ৰজ্রিগুৱেজৰ ৬৩ ৰানৰ সহায়ত দ্বিতীয় টি-২০ মহিলা ক্রিকেটত ইংলেণ্ডক ২৪ ৰানত পৰাজিত কৰে ভাৰতে। মঙলবাৰৰ নিশাৰ খেলখনত জয়েৰে হৰমনপ্রীত কৌৰৰ নেতৃত্বাধীন ভাৰতীয় দলে ৫খনীয়া শৃংখলাত ২-০-ৰ অগ্রগতি লাভ কৰে।
আমনজোটৰ ৪০টা বলত ৯টা চাৰিৰ সমাহাৰ ঘটা অপৰাজিত ৬৩ আৰু ৰড্রিগুৱেজৰ ৪১টা বলত ৯ টা চাৰি আৰু এটা ছয়সম্বলিত ৬৩ ৰানৰ সহায়েৰে ভাৰতে প্রথমে বেট ধৰি ৪ উইকেটত ১৮১ ৰান কৰে। ৰিচা ঘোষে ২০টা বলত ছটা চাৰিৰে ৩২ ৰানত অবিজিত থাকে। প্রত্যুত্তৰত ইংলিছ মহিলা দলে তামি বিউমণ্টৰ (৫৪) অর্ধশতক সত্ত্বেও ৭টা উইকেট হেৰুৱাই ১৫৭ ৰানহে কৰে। দলৰ হৈ ছুফী ইকলছটনে ৩৫ আৰু এমি জোনছে ৩২ ৰান কৰে। ভাৰতৰ শ্রী চাৰানীয়ে সর্বাধিক দুটা উইকেট দখল কৰে।