ডিজিটেল ডেস্ক: কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই যোৱা ২২-ৰ পৰা ২৫ এপ্ৰিললৈ চাৰি দিনীয়া চৰকাৰী কাৰ্যসূচীৰে প্রশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰ ভানুৱাটু আৰু টুভালু ভ্রমণ কৰে।
এই ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যোৱা ২৩ এপ্রিলত প'র্ট ভিলাত ভানুৱাটুৰ প্ৰধানমন্ত্ৰী জ'থাম নাপাটক সৌজন্যমূলক সাক্ষাৎ কৰে। ইয়াৰ পাছত তেওঁ ভানুৱাটুৰ ভাৰপ্ৰাপ্ত বৈদেশিক পৰিক্ৰমা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বৈদেশিক বাণিজ্য মন্ত্রী জেভিয়াৰ ইমানুৱেল হেৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত সামর্থ্য বিকাশ, ডিজিটেল বিকাশ, জলবায়ু স্থিতিস্থাপকতা, অর্থনৈতিক সহযোগিতা আৰু বহুপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰত পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি যোৱা ২২ এপ্ৰিলত কেন্দ্ৰীয় মন্ত্রী মাৰ্ঘেৰিটাই ভানুৱাটুত ভাৰত চৰকাৰৰ সহযোগত স্থাপিত 'তথ্য-প্রযুক্তিৰ উৎকর্ষ কেন্দ্ৰ' পৰিদৰ্শন কৰে। ইয়াৰ ছাত্ৰ-ছাত্রী, প্রাক্তন শিক্ষার্থীসকলৰ সৈতে মত বিনিময় কৰে। য'ত ডিজিটেল দক্ষতা আৰু মানৱ সম্পদৰ সামর্থ্য বৃদ্ধিত কেন্দ্ৰটোৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰা হয়। এই ভ্রমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ তৰফৰ পৰা খাদ্যশস্যৰ সাহায্য, তথ্য-প্রযুক্তি কেন্দ্ৰটোৰ বাবে অতিৰিক্ত হার্ডৱেৰ আৰু ছফ্টৱেৰ প্ৰদান কৰাৰ লগতে 'হিল ইন ইণ্ডিয়া' পদক্ষেপৰ অধীনত ভাৰতত ১০গৰাকী ৰোগীৰ বিশেষ চিকিৎসাৰ বাবে সাহায্য ঘোষণা কৰে। উল্লেখযোগ্য যে ভাৰতৰ পৰা ভানুৱাটুলৈ এয়া আছিল কেন্দ্ৰীয় মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়টো ভ্রমণ। ভ্রমণসূচীৰ দ্বিতীয় পৰ্যায়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যোৱা ২৪ এপ্রিলত ফুনাফুতিত টুভালুৰ গৱৰ্নৰ জেনেৰেল ৰেভাৰেণ্ড ছাৰ টোফিংগা ভেভালু ফালানিক সাক্ষাৎ কৰে।
পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীয়ে টুভালুৰ ভাৰপ্ৰাপ্ত প্রধানমন্ত্রী তথা বৈদেশিক পৰিক্ৰমা, শ্ৰম আৰু বাণিজ্য মন্ত্রী পলচন পানাপাৰ সৈতে এক বৈঠকত মিলিত হয়। লগতে তেওঁ গৃহ, জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ মন্ত্ৰী মাইনা টালিয়া আৰু শিক্ষা, যুৱ আৰু ক্রীড়া মন্ত্ৰী তথা ভাৰপ্ৰাপ্ত স্বাস্থ্য আৰু সমাজ কল্যাণ মন্ত্রী হামোৱা হোলোনাৰ সৈতেও দ্বিপাক্ষিক আলোচনাত অংশগ্রহণ কৰে। এই আলোচনাসমূহত স্বাস্থ্য সেৱা, সামর্থ্য বিকাশ, জলবায়ু স্থিতিস্থাপকতা, ঐতিহ্য সংৰক্ষণ আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰা হয়। কেন্দ্ৰীয় মন্ত্রী পবিত্র মাৰ্ঘেৰিটাই প্রিন্সেছ মার্গাৰেট চিকিৎসালয় পৰিদৰ্শন কৰি স্বাস্থ্য সেৱাৰ সৈতে জড়িত পেছাদাৰী লোকসকলৰ সৈতে মত বিনিময় কৰে। এই কাৰ্যসূচীয়ে সামর্থ্য বিকাশ আৰু কাৰিকৰী সহযোগিতাৰ জৰিয়তে টুভালুত স্বাস্থ্য সেৱা ব্যৱস্থা সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতাক প্রতিপন্ন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সন্মানার্থে টুভালুত আয়োজন কৰা এক চৰকাৰী নৈশভোজৰ সময়ত তেওঁ সাংস্কৃতিক আৰু ঐতিহ্যক্ষেত্ৰসমূহৰ সংৰক্ষণৰ লক্ষ্যৰে ৰূপায়িত হ'বলগীয়া 'কুইক ইমপেক্ট প্রজেক্ট'ৰ বাবে এখন চে'ক্ অর্পণ কৰে। লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ হৈ দেশখনলৈ এখন সাগৰীয় এম্বুলেঞ্চ, খাদ্য শস্যৰ সাহায্য আৰু 'হিল ইন ইণ্ডিয়া' পদক্ষেপৰ অধীনত ভাৰতত ১০গৰাকী ৰোগীৰ বিশেষ চিকিৎসা সাহায্যৰ কথা ঘোষণা কৰে।
উল্লেখ্য যে এই ভ্রমণে ভানুৱাটু আৰু টুভালুৰ সৈতে ভাৰতৰ বন্ধুত্বপূর্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে এক নিৰ্ভৰযোগ্য উন্নয়ন অংশীদাৰ হিচাপে ভাৰতৰ ভূমিকাক পুনৰ দৃঢ়তাৰে প্ৰমাণ কৰিছে। এই ভ্রমণ হৈছে 'এক্ট ইষ্ট পলিচি' আৰু 'ফ'ৰাম ফ'ৰ ইণ্ডিয়া-পেচিফিক আইলেণ্ডছ কৰ্পৰেশ্যন' ফ্রেমৱৰ্কৰ অধীনত প্রশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ ধাৰাবাহিক সহযোগিতাৰ এক অংশ।