ডিজিটেল ডেস্ক : পূব হিমালয় অঞ্চলত তীব্ৰতৰ হৈ অহা জলবায়ুৰ বিজ্ঞান সংক্রান্তীয় বিপদসমূহৰ মোকাবিলা কৰিবলৈ বিজ্ঞান আৰু নীতি-নির্ধাৰণৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ এক ঐক্যবদ্ধ আহ্বানেৰে যোৱা ১৫ ফেব্ৰুৱাৰীত কটন বিশ্ববিদ্যালয়ত দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় কর্মশালা অনুষ্ঠিত হৈ যায়। 'Extreme Events in a Changing Climate: Bridging Prediction, Risk, and Resilience in the Eastern Himalayas.' শীর্ষক কর্মশালা কটন বিশ্ববিদ্যালয়ৰ 'চেণ্টাৰ ফৰ ক্লাউডছ এণ্ড ক্লাইমেট চেঞ্জ ৰিছাৰ্চ'ৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত ভাৰত, জাপান, ভূটান আৰু নেপালৰ আগশাৰীৰ জলবায়ু বিজ্ঞানী, দুর্যোগ প্রশমন বিশেষজ্ঞ আৰু গৱেষকসকলে অংশগ্রহণ কৰে। কর্মশালাত বিভিন্ন প্রতিষ্ঠানৰ প্ৰতিনিধিয়ে সক্রিয়ভাৱে পি যোগদান কৰে।
উদ্বোধনী অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্ত মুখ্য অতিথি হিচাপে আৰু অসম প্ৰদূষণ নিয়ন্ত্রণ ব'ৰ্ডৰ অধ্যক্ষ ড° অৰূপ মিশ্র সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। কটন বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই আদৰণী ভাষণ দিয়াৰ পাছত C4Rৰ সঞ্চালক ড° ৰাহুল মহন্তই কৰ্মশালাৰ বিষয়বস্তুৰ চমু পৰিচয় দাঙি ধৰে। উত্তৰ-পূব ভাৰত, ভুটান, নেপাল আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক সামৰি লোৱা পূব হিমালয় অঞ্চলটো বিশ্বৰ ভিতৰতে অন্যতম জলবায়ু-স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত হৈছে। কর্মশালাত বিশেষজ্ঞসকলে মত প্রকাশ কৰে যে বৃদ্ধি পোৱা উষ্ণতা আৰু বায়ুমণ্ডলীয় জলীয় বাষ্পৰ পৰিৱৰ্তনে মৌচুমীৰ গতিধাৰাক সলনি কৰিছে। যাৰ ফলত অতিপাত বৰষুণ, বানপানী, ভূমিস্খলন আৰু বজ্রপাতৰ দৰে চৰম পৰিঘটনাৰ মাত্রা বৃদ্ধি পাইছে। ছয়টাকৈ কাৰিকৰী অধিৱেশনত বিশেষজ্ঞসকলে হাই-ৰিজলিউশ্যন জলবায়ু মডেলিং, AI-আধাৰিত আগজাননী পদ্ধতি আৰু আগতীয়া সতর্কবাণী প্ৰণালীৰ ওপৰত আলোকপাত কৰে। কর্মশালাখন কিয়োটো বিশ্ববিদ্যালয়ৰ দুৰ্যোগ প্ৰতিৰোধ গবেষণা প্রতিষ্ঠান (DPRI), AMCLAN, কাগাৱা বিশ্ববিদ্যালয়, ভূটানৰ ৰয়েল ইউনিভাৰ্ছিটি আৰু JSPS ৰ কোৰ-টু-কোৰ প্ৰ'গ্ৰেমৰ সহযোগত অনুষ্ঠিত হয়। অসম প্রদূষণ নিয়ন্ত্রণ ব'ৰ্ডে ইয়াৰ বাবে সহযোগিতা আগবঢ়োৱাৰ লগতে আদানি ফাউণ্ডেশ্যনে 'ছাষ্টেইনিবিলিটি পার্টনাৰ' হিচাপে উদ্যোগ-একাডেমিয়াৰ সম্পৰ্কৰ গুৰুত্বক প্ৰসাৰিত কৰে।
কৰ্মশালাৰ কিছু মুখ্য আলোচ্য বিষয়সমূহ হ'ল- পূব হিমালয়ৰ তথ্যৰ অভাৱ থকা ক্ষেত্ৰসমূহ চিনাক্ত কৰা, আঞ্চলিক পৰ্যায়ত নিৰীক্ষণ আৰু আগজাননী ব্যৱস্থা শক্তিশালী কৰাৰ পৰামৰ্শ, চৰম পৰিঘটনাৰ পূৰ্বানুমানৰ বাবে AI আৰু পদার্থ বিজ্ঞান-আধাৰিত মডেলৰ বিকাশ, বিজ্ঞান-নীতিৰ এক ৰ'ডমেপ প্ৰস্তুত কৰা, যাতে চৰকাৰ আৰু দুর্যোগ ব্যৱস্থাপনা সংস্থাসমূহে সঠিক সময়ত সিদ্ধান্ত ল'ব পাৰে। অংশগ্ৰহণকাৰীসকলে গুৰুত্ব আৰোপ কৰে যে এই সমস্যাসমূহ আন্তঃৰাষ্ট্ৰীয় পৰিসৰৰ, সেয়েহে তথ্যৰ আদান-প্রদান আৰু যুটীয়া গৱেষণা অতি প্রয়োজনীয়। লগতে স্থানীয় খিলঞ্জীয়া জ্ঞানক আধুনিক বৈজ্ঞানিক পদ্ধতিৰ সৈতে একত্ৰিত কৰাৰ ওপৰতো গুৰুত্ব দিয়া হয়। সামৰণী ভাষণত ড° ৰাহুল মহন্তই কয় যে উত্তৰ-পূব ভাৰতক চৰম পৰিঘটনাৰ গৱেষণা আৰু জলবায়ুৰ স্থিতিস্থাপকতা গঢ়ি তোলাৰ এক আঞ্চলিক কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ কটন বিশ্ববিদ্যালয় সদায় দায়বদ্ধ।