ডিজিটেল ডেস্ক : ভাৰতীয় শ্বেয়াৰ বজাৰত চলিত সপ্তাহটোত আগতীয়া দীপাৱলীয়ে বিৰাজ কৰে। দীর্ঘদিন হতাশা চলি থকাৰ পাছত চলিত সপ্তাহটোত ভাৰতীয় শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীয়ে যথেষ্ট লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে। যোৱা শুকুৰবাৰৰ পৰা শ্বেয়াৰ বজাৰৰ খোলা থকা সাতটা দিনত এই ধাৰা অব্যাহত থাকে। ইয়াৰ ফলত বিনিয়োগকাৰী বৃহৎ পৰিমাণৰ লাভৰ সন্মুখীন হয়। বিগত ছটা দিনৰ দৰেই আজিও বিনিয়োগকাৰীৰ মাজত যথেষ্ট উৎসাহ দেখা পোৱা যায়।
সমগ্ৰ বিশ্বৰ বজাৰত সূচকাংকৰ বৃহৎ পতনৰ সময়তে ভাৰতীয় শ্বেয়াৰ বজাৰত সূচকাংকৰ উত্থানে বিনিয়োগকাৰীৰ মুখত হাঁহি বিৰিঙায়। ৩০টা শ্বেয়াৰৰ বম্বে ষ্টক এক্সছেঞ্জৰ সূচকাংক ছেনছেক্স কালি ১,৭১৮.০১ পইন্ট ঊর্ধ্বগামী হৈ প্রায় ৯ মাহৰ পাছত ৮১ হাজাৰ পইণ্টৰ সীমা পাৰ কৰে। আনহাতে ৫০টা শ্বেয়াৰৰ ৰাষ্ট্ৰীয় ষ্টক এক্সছেঞ্জতো একেধৰণৰ প্রাণচঞ্চল অৱস্থা পৰিলক্ষিত হয়। ছেনছেক্স কালিৰ দিনটোৰ লেনদেন সামৰাৰ পৰত ১,৭১৮.০১ পইণ্ট ঊর্ধ্বগামী হৈ ৮১,০২৮.০২ পইণ্ট হয়গৈ। ইয়াৰ ফলত কালিৰ দিনটোত বিনিয়োগকাৰীৰ প্ৰায় ৯ লাখ কোটি টকা লাভ হয়। আনহাতে ৰাষ্ট্ৰীয় ষ্টক এক্সছেঞ্জৰ সূচকাংক নিফটি ৪৯৩.৭৫ পইণ্ট ঊর্ধ্বগামী হৈ ২৫,০৩০.৩৫পইণ্ট হয়গৈ। ছেনছেক্স কেৱল দুটা দিনত অর্থাৎ বৃহস্পতিবাৰে আৰু কালি ৩৭২৭ পইণ্ট ঊর্ধ্বগামী হয়। বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰত চলিত বছৰৰ ভিতৰত দ্বিতীয় সর্বাধিক পইণ্ট ঊর্ধ্বগামী হয়। বৃহস্পতিবাৰে ছেনছেক্স প্রায় ২০০৯ পইণ্ট ঊর্ধ্বমুখী হয়। ইয়াৰ আগতে যোৱা ৮ এপ্রিলত ছেনছেক্স ২৯৪৬ পইণ্ট ঊর্ধ্বমুখী হৈছিল। আনহাতে যোৱা সাত দিনত ছেনছেক্স মুঠ ৭,৭৮১.৯৯ পইণ্ট বা ১০.৬২% ঊর্ধ্বগামী হয়। যোৱা ২৮ অক্টোবৰত বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত ছেনছেক্স ৭৩,২৪৬ পইণ্ট আছিল। এই সময়ছোৱাত নিফটি প্রায় ২৩৩১.৫ পইণ্ট বা ১০.২৭% ঊর্ধ্বগামী হয়। বৃহস্পতিবাৰে নিফটি প্রায় ৫৭৬ পইণ্ট ওপৰলৈ উঠে। বেংক নিফটিও প্রায় ১৩১২.৩৫ পইণ্ট ঊর্ধ্বগামী হোৱা বুলি জনা গৈছে।
ইফালে যোৱা সাতটা দিনত শ্বেয়াৰ বজাৰত চলি থকা উৎসাহজনক পৰিস্থিতিৰ ফলত বিনিয়োগকাৰীৰ প্ৰায় ৩০.৪১ লাখ কোটি টকা লাভ হয়। আনহাতে বজাৰ মূলধন ৫০৩.১০ লাখ কোটি টকালৈ বৃদ্ধি পায়। বম্বে ষ্টক এক্সছেঞ্জৰ তালিকাভুক্ত কোম্পানী কেইটাৰ বজাৰ মূলধন পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় ১৩ গুণ হয়গৈ। বিশ্ব বেংকৰ তথ্য মতে পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদন ভাৰতীয় টকাৰ হিচাপত প্রায় ৩৮ লাখ কোটি টকা। ভাৰতীয় শ্বেয়াৰ বজাৰত সূচকাংকৰ উত্থানৰ কেইবাটাও কাৰণ আছে। ইয়াৰ ভিতৰত অন্যতম হ'ল বিদেশী বিনিয়োগকাৰীয়ে যোৱা সাত দিনত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাটো। ইয়াৰ লগতে ঘৰুৱা বিনিয়োগকাৰীয়েও বিপুল সঁহাৰি জনায়। বিদেশী বিনিয়োগকাৰীয়ে যোৱা ছয় দিনত ৩৫,৭৮১ কোটি টকা বিনিয়োগ কৰে। ইয়াৰ ভিতৰত কালি ছয় বছৰৰ ভিতৰত এটা দিনত সর্বাধিক ১৪,৯৭৫ কোটি টকা মূল্যৰ শ্বেয়াৰ ক্ৰয় কৰে বিদেশী বিনিয়োগকাৰীয়ে। আনহাতে বিভিন্ন কোম্পানীয়ে ছেপ্টেম্বৰত শেষ হোৱা ত্রিমাতিকৰ প্ৰতিবেদনত লাভ হোৱা বুলি প্রকাশ পায়। ইয়াৰ ফলত ৰিলায়েন্স, ইনফ'ছিছ আৰু টি চি এছৰ দৰে কোম্পানীৰ দৰে শ্বেয়াৰৰ দাম তথা চাহিদা শ্বেয়াৰ বজাৰত বৃদ্ধি পায়।