ডিজিটেল ডেস্ক : বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম হ্রাস পোৱাৰ সমান্তৰালকৈ ভাৰতীয় শ্বেয়াৰ বজাৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰৰ দাম ছয় বছৰৰ ভিতৰত সৰ্বাধিক বৃদ্ধিয়ে আজি ভাৰতীয় শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীক উৎফুল্ল কৰি তোলে। দীপাৱলীৰ আগে আগে কালি সপ্তাহৰ প্ৰথম দিনটোত বজাৰৰ লেনদেন আৰম্ভ হোৱাৰ সময়ৰ পৰাই বিনিয়োগকাৰীৰ মাজত বিশেষ উৎসাহ দেখা পোৱা যায় আৰু দিনটোৰ লেনদেন সামৰাৰ পৰলৈ বন্ধে ষ্টক এক্সছেঞ্জৰ সূচকাংক ছেনছেক্স প্রায় ১.৬৬% অর্থাৎ ১,২৩৩.৩৫ পইণ্ট ঊর্ধ্বগামী হৈ ৭৫,৬৯২.৭৮ পইণ্ট হয়গৈ।
আনহাতে ৰাষ্ট্ৰীয় ষ্টক এক্সছেঞ্জৰ সূচকাংক নিফটি ১.৬৮% বা ৩৮৭.৭০ পইণ্ট ঊর্ধ্বগামী হৈ ২৩,৪৪০.৮০ পইণ্ট হয়। বজাৰত কালি সৃষ্টি হোৱা এই ধুমুহাৰ ফলত বিনিয়োগকাৰীৰ একে দিনাই প্রায় ৮ লাখ কোটি টকা লাভ হয়। বম্বে ষ্টক এক্সছেঞ্জৰ তালিকাভুক্ত কোম্পানীসমূহৰ যোৱা শুকুৰবাৰে লেনদেন সামৰাৰ পৰত বজাৰ মূলধন আছিল ২,৭৪,৩৭,০৩৮.৬১ কোটি টকা আৰু কালি লেনদেন সামৰাৰ পৰত হয়গৈ ৪,৮২,৪১,৪৫৮.৪৭ কোটি টকা। আন কথাত ছেনছেক্সৰ তালিকাভুক্ত কোম্পানীসমূহৰ বজাৰ মূলধন ৮,০৪,৪১৯.৮৬ কোটি টকা বৃদ্ধি পায়।
কালি বজাৰত শ্বেয়াৰ মূল্য বৃদ্ধি বিভিন্ন কাৰণত স্মৰণীয় হৈ ৰ'ব। ভাৰতৰ দুয়োখন আগশাৰীৰ শ্বেয়াৰ বজাৰৰ সূচকাংক ডেৰ শতাংশতকৈ অধিক ঊর্ধ্বমুখী হৈ থকা অৱস্থাত দিনটোৰ লেনদেন সামৰা হয়। ছেনছেক্স ১২ জুনৰ পাছত অৰ্থাৎ প্রায় ৫ মাহৰ পাছত এটা দিনত সর্বাধিক পইণ্ট ঊর্ধ্বমুখী হয়। আনহাতে নিফটি যোৱা ২৩ ছেপ্টেম্বৰৰ পাছত সৰ্বাধিক পইণ্টত উপনীত হয়। আনকথাত এয়া হ'ল ছয় সপ্তাহৰ পাছত নিফটিৰ সৰ্বাধিক পইন্ট। কালি নিষ্টিক বেংকৰ শ্বেয়াৰেও সহায় কৰে। বেংক নিফটি কালি ৫৫ হাজাৰ পইণ্টৰ অধিক হোৱাৰ সময়তে লেনদেন বন্ধ হয়।