ডিজিটেল ডেস্কঃ ২০১৭ চনৰ আজিৰ দিনটোতে বিৰাট কোহলীৰ অধিনায়কত্বত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ নামত এক লজ্জাজনক অভিলেখ পঞ্জীয়ন হয়। সমগ্ৰ দলটোৱে ৪৯ ৰানত অল আউট হৈছিল। গৌতম গম্ভীৰৰ অধিনায়কত্বত থকা কলকাতা নাইট ৰাইডাৰ্ছে এই খেলখনত ৮২ ৰানত জয়লাভ কৰে।
ইডেন গাৰ্ডেনত খেলা এই মেচখনত প্ৰথমে বেটিং কৰা কলকাতা নাইট ৰাইডাৰ্ছে ১৩১ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। তেতিয়া ভাবিছিল যে আৰ চি বিয়ে তাৰকা বেটছমেনৰ সৈতে সহজেই জিকিব, কিন্তু আজি আৰ চি বিয়ে যে অবাঞ্ছিত অভিলেখ গঢ়িবলৈ ওলাইছে সেই কথা গম পোৱা নাছিল।
ক্ৰিছ গেইল আৰু বিৰাট কোহলীয়ে ইনিংছ আৰম্ভ কৰে। প্ৰথম অ'ভাৰতে নাথান কল্টৰ নাইলে বিৰাট কোহলীক আউট কৰে। প্ৰথম বলতে পেভিলিয়নলৈ উভতি আহিছিল কোহলী।
তাৰ পিছৰ অ'ভাৰত উমেশ যাদৱেও আউট কৰে মনদ্বীপ সিঙক (১)। ইয়াৰ পিছত এ বি ডি ভিলিয়াৰ্ছে আহিয়েই দুটা চাৰি কোবাই যদিও মাত্ৰ ৮ ৰান সংগ্ৰহ কৰি নাথান কল্টৰ-নাইলে তেওঁক আউট কৰে।
আৰ চি বিৰ চতুৰ্থ উইকেটটো কেদাৰ যাদৱৰ ৰূপত ২৪ ৰান সংগ্ৰহত পৰিল। অবিৰত উইকেটৰ হেঁচাত বিস্ফোৰক বেটছমেন ক্ৰিছ গেইলেও ৭ ৰান সংগ্ৰহ কৰি আউট হয়। আধা দলটোৱে পুনৰ ৪০ ৰান কৰিছিল যদিও ইয়াতকৈও বেয়া হ’বলগীয়া আছিল।