মধ্যপ্রাচ্যৰ যুদ্ধ বন্ধ কৰাৰ বাবে সাতদিনীয়া পৰিকল্পনা ইৰানৰ, ৰাষ্ট্ৰসংঘৰ মজিয়াত ৰাষ্ট্ৰপতি পেজেস্কিয়ান

Dainik Janambhumi September 26, 2026

ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যৰ যুদ্ধখন বন্ধ কৰাৰ বাবে সাতদিনীয়া এক পৰিকল্পনাৰ প্ৰস্তাৱ ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন কৰিলে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত ভাষণ দি পেজেস্কিয়ানে কয় যে প্রথমে আক্রমণ বন্ধ হ'ব লাগিব আৰু ইৰানৰ তেল বিক্ৰীৰ ক্ষেত্ৰত থকা প্রতিবন্ধকতা অন্ত পৰিব লাগিব। আঁচনি সঠিক মতে আগবাঢ়িলে সপ্তম দিনটোত ইৰানে হৰমুজ প্রণালী মুকলি কৰি দিব আৰু দেশখনৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত নতুনকৈ আলোচনা আৰম্ভ কৰিব। 

পেজেস্কিয়ানে ভাষণত কয় যে ইৰানৰ ফালৰ পৰা আঁচনি দাঙি ধৰা হৈছে। এতিয়া যুদ্ধৰ সমাপ্তি সন্দৰ্ভত আমেৰিকাই সিদ্ধান্ত ল'ব। লাগিব। তেওঁ কয় যে ইৰান আলোচনাৰ বাবে প্ৰস্তুত আছে, মাত্ৰ মার্কিন সেনাই ইৰানত আক্ৰমণ বন্ধ কৰিব লাগিব। 

উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানক তীব্র ভাবুকি প্রদান কৰি কৈছিল যে ইৰানে যদি কোনো চুক্তি নকৰে, তেন্তে আমেৰিকাই শত্রু দেশখন সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব। ইয়াৰ পাছতে পেজেস্কিয়ানে আমেৰিকাৰ ধমকত আঁঠু নলয় বুলি প্রকাশ কৰি যুদ্ধ বন্ধৰ বাবে ৭দিনীয়া আঁচনি প্রকাশ কৰিছে।

Share This