৪৮ ঘণ্টাত ৪০জন শীর্ষ নেতাক হেৰুৱালে ইৰানে, ব্রিটেইন, ফ্রান্স, জার্মানিও নামিব যুদ্ধত

Kakali Deka March 03, 2026

ডিজিটেল ডেস্ক: আমেৰিকা-ইজৰাইল আৰু ইৰানৰ মাজত চলি থকা যুদ্ধৰ কালি তৃতীয় দিনা দুয়ো পক্ষই পৰস্পৰৰ ওপৰত প্ৰচণ্ড আক্ৰমণ অব্যাহত ৰাখে। যুদ্ধত ইৰানৰ বৃহৎ ক্ষতি হৈছে। স্বয়ং আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ঘোষণা কৰে যে মার্কিন সেনা আৰু ইজৰাইলী প্রতিৰক্ষা বাহিনীয়ে (আই ডি এফ) কৰা আক্রমণত ইৰানৰ বৃহৎ ক্ষতি হৈছে। 

 

ট্রাম্পে ফক্স নিউজত কয় যে বিগত ৪৮ ঘণ্টাত চলোৱা আক্রমণত ইৰানৰ ৪৮জন নেতাক হত্যা কৰা হৈছে। যুদ্ধ দ্রুতগতিত আগবাঢ়িছে। আমি যিমান সফলতা লাভ কৰিছোঁ, সেয়া কোনেও বিশ্বাস নকৰিব। এটা আক্রমণতে ৪৮জন নেতাক নিঃশেষ কৰিলোঁ ট্রাম্পে লগতে কয় যে আমেৰিকাৰ সেনাই ইৰানৰ নৌসেনাক অকামিলা কৰি পেলোৱাৰ দিশত আগবাঢ়িছে। তেওঁ কয়, 'এতিয়ালৈকে ইৰানৰ ৯খন যুঁজাৰু জাহাজ ডুব গৈছে আৰু এই জাহাজবোৰ অচিৰেই সাগৰৰ পাৰত উপঙি থকা দেখিবলৈ পোৱা যাব।' তেওঁ লগতে কনা যে আমেৰিকাৰ আক্রমণত ইৰানৰ নৌসেনাৰ মুখ্য কার্যালয়টোৰ বিস্তৰ ক্ষতি হৈছে। 

 

ইফালে আই ডি এফে কয় যে তেওঁলোকৰ আক্রমণত এতিয়ালৈকে ইবানৰ গুৰুত্বপূর্ণ ৪০জন কমাণ্ডাৰ নিহত হৈছে। ইয়াৰ ভিতৰত ইৰানৰ চীফ অব্ দ্য ক্লিফ আব্দুল মোজাবীও আছে। আই ডি এফে প্রকাশ কৰা মতে, এই কমাণ্ডাৰকেইজনক হত্যা কৰা হয় ইৰানৰ সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইক হত্যা কৰাৰ পাছতে। 

 

ইফালে ইৰানী ৰেড ক্রিছেন্ট ছ'চাইটিয়ে প্রকাশ কৰা মতে, আমেৰিকা আৰু ইজৰাইলৰ বায়ু সেনাই কৰা যুটীয়া আক্রমণত এতিয়ালৈকে ৫৫৫জন লোকে প্রাণ হেঝবায়। দেশখনৰ এতিয়ালৈকে ১৩১খন চহৰত যুঁজাৰু বিমানেৰে আক্রমণ কৰা হৈছে আৰু ছচাইটিয়ে যুদ্ধ প্রভাবিত অঞ্চলসমূহত উজান, সাহায্য আৰু চিকিৎসাৰ ব্যৱস্থা কৰাৰ কাম অব্যাহত ৰাখিছে। 

 

আক্রমণত সামৰিক বাহিনীৰ লগতে অসামৰিক লোকো নিহত হোৱা বুলি ছ'চাইটিয়ে প্রকাশ কৰে। ইজৰাইলী বায়ুসেনা বাহিনীয়ে প্রকাশ কৰা মতে, ইৰানৰ ৩১খন প্রদেশৰ ভিতৰত ২৪খনত আক্রমণ কৰা হৈছে আৰু ১২০০তকৈ অধিক বোমাৰ বর্ষণ কৰা হৈছে। ইফালে যুদ্ধৰ মাজতে ইৰানৰ সর্বোচ্চ ৰাষ্ট্রীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানীয়ে এটা বিবৃতিত কয় যে ইৰানে যুদ্ধ আৰম্ভ কৰা নাই, মাত্র প্রত্যুত্তৰহে দিছে। তেওঁ মধ্য প্রাচ্যৰ বর্তমানৰ পৰিস্থিতিৰ বাবে আমেৰিকাৰ ৰাষ্ট্রপতি ড'নাল্ড ট্রাম্পক দোষাৰোপ কৰে। লাৰিজানীয়ে কয়, ট্রাম্পে নিজৰ অভীষ্ট সিদ্ধি কৰাৰ কাৰণে এই অঞ্চলটোক অশান্তিৰ মাজলৈ ঠেলি দিয়ে আৰু এতিয়া তেওঁ আমেৰিকাৰ সৈনিকৰ হানি-বিধিনি দেখি চিন্তাত পৰিছে। তেওঁ লগতে কয় যে ৰাষ্ট্রপতি ট্রাম্পে তেওঁৰ আমেৰিকা প্রথম নীতি সলনি কৰি এতিয়া ইজৰাইল প্রথম নীতি গ্রহণ কৰিছে। ইফালে আই ডি এফে কালি এই বুলি দাবী কৰে যে তেওঁলোকে ইৰানী প্রশাসনৰ চোৰাংচোৱা মন্ত্ৰ্যালয়ত আক্রমণ চলাই মন্ত্র্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলক হত্যা কৰে। 

 

নিহত লোকসকলৰ ভিতৰত ইৰানী ৰিভলিউশ্যনেৰী গার্ড কর্পছৰ জ্যেষ্ঠ বিষয়াও আছে। আক্রমণটোত চোৰাংচোৱা মন্ত্ৰ্যালয়ৰ ইজৰাইল পবিক্রমাব উপ-মন্ত্রী ছৈয়দ য়াহয়া হামিদী নিহত হয়। আই ডি এফে এটা বিবৃতিত এই কথা উল্লেখ কৰি কয় যে হামিদীয়ে ইহুদী, পশ্চিমীয়া দেশৰ সৈতে জড়িত লোকসকলৰ লগতে বিদেশত শাসনৰ বিৰোধিতা কৰা লোকসকলক লক্ষ্য কৰি লোৱাৰ কার্যকলাপৰ নেতৃত্ব দি আহিছিল।

Share This