ডিজিটেল ডেস্ক : আমেৰিকাৰ কঠোৰ নিষেধাজ্ঞা সত্ত্বেও ডিজেটেল পদ্ধতিৰে যুদ্ধৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে ইৰানে বিভিন্ন উৎসৰ পৰা কেইবা বিলিয়ন মার্কিন ডলাৰ লাভ কৰিলে। ক্রিপ্ট' কাৰেন্সি নেটৱৰ্কৰ জৰিয়তে ইৰানে এই বৃহৎ ধনৰাশি অৰ্জন কৰিছে। বাল ষ্ট্ৰীট জার্নেলত প্রকাশিত এক অনুসন্ধানমূলক প্রতিবেদনত এই তথ্য প্রকাশ পাইছে।
ইৰানৰ টাই কোন বাবাক জানজানিয়ে 'বিনেঞ্চ' ক্রিপ্ট' কাৰেন্সি নেটৱৰ্ক ব্যৱহাৰ কৰি ইৰানৰ ইছলামিক ৰিভ'লিউশ্যনেৰী গার্ড কর্পছ (আই আৰ জি চি) লৈ এই বৃহৎ ডিজিটেল ধনৰাশি সংগ্ৰহ কৰিছে। চলিত বৰ্ষৰ মে' পর্যন্ত ক্রিপ্ট' কাৰেন্সি পদ্ধতিত ইৰানে লাভ কৰি আছে ধন।
প্রতিবেদনত প্রকাশিত তথ্য অনুসৰি বিনেঞ্চৰ বিশেষ ইৰানী নেটৱৰ্কৰ জৰিয়তে দেশখনে প্রায় ২.৫ বিলিয়ন মার্কিন ডলাৰ (২৫০ কোটি ডলাৰ) লাভকৰিছে। দেশ-বিদেশৰ বহু ভি আই পিৰ নামত থকা ক্রিপ্ট' একাউণ্টৰ জৰিয়তে আই আৰ জি চিয়ে দৈনিক লাভ কৰি আহিছে বৃহৎ ধনৰাশি।