আমেৰিকাৰ বৃহত্তম তেল শোধনাগাৰত বিস্ফোৰণ, আমেৰিকাৰ প্ৰস্তাৱত ইৰানৰ সৰ্বোচ্চ নেতা মুজতবা খামেনেইৰ সন্মতি

dainik janambhumi March 25, 2026

ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইৰানৰ সৈতে পাঁচদিনীয়া যুদ্ধ-বিৰতি ঘোষণা কৰাৰ পাছত সমগ্ৰ বিশ্বই স্বস্তিৰ নিশ্বাস পেলাইছে। কিয়নো যুদ্ধ অধিক দীঘলীয়া হ'লে বিশ্বৰ বাবে বৃহৎ প্রত্যাহ্বানৰ সৃষ্টি হ'ব। 

উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে সোমবাৰে ইৰানৰ বিদ্যুৎ প্রকল্প আৰু শক্তিৰ আন্তঃগাঁথনিত পাঁচ দিনৰ বাবে সকলো ধৰণৰ আক্রমণ বন্ধ ৰাখিবলৈ আমেৰিকাৰ যুদ্ধ বিভাগক নির্দেশ দিয়ে। তেওঁৰ মতে, ইৰানৰ সৈতে ইতিবাচক আৰু যথেষ্ট ভাল আলোচনা চলি আছে আৰু সেয়েহে এই সিদ্ধান্ত লোৱা হৈছে। ইফালে আন এটা বাতৰিত প্ৰকাশ পোৱা মতে, ট্রাম্পৰ যুদ্ধ-বিৰতি ঘোষণাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আটাইতকৈ গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। 

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয় ক্রেমলিনে প্রকাশ কৰা মতে পুটিনে আমেৰিকাক এই বুলি ভাবুকি দিয়ে যে যদি ইৰানৰ বিদ্যুৎ প্রকল্পসমূহত আক্রমণ কৰে তেতিয়া এই যুদ্ধই তৃতীয় বিশ্ব যুদ্ধৰ ৰূপ ল'ব, কিয়নো ৰাছিয়াই নিজৰ কৌশলগত সহযোগী দেশ ইৰানক অকলশৰীয়াকৈ এৰি নিদিয়ে। পুটিনে লগতে মার্কিন ৰাষ্ট্ৰপতিট্রাম্পক এই বুলি আশ্বাস দিয়ে যে ইৰানক আলোচনাৰ মেজলৈ অনা হ'ব আৰু ইৰানে হৰমুজ প্রণালী মুকলি কৰি দিয়াৰ কথা বিবেচনা কৰি আছে। পুটিনে বিগত ৪৮ ঘণ্টাত সংযুক্ত আৰব আমিৰাট, কাটাৰ আৰু ইৰানৰ নেতাসকলৰ সৈতে কেইবা ঘণ্টা আলোচনা কৰে। 

যুদ্ধ-বিৰতিত পুটিনে মধ্যস্থতাৰ ভূমিকা পালন কৰা বুলিও কোৱা হৈছে। আনহাতে কাটাৰ আৰু ইউ এ ইয়েও আমেৰিকা আৰু ইৰানৰ মাজত বার্তা আদান-প্রদান কৰাত সহায় কৰে। ইফালে ইৰানৰ সৰ্বোচ্চ নেতা মুজতবা খামেনেইয়ে আমেৰিকাৰ সৈতে আলোচনাৰ বাবে সন্মতি জনাইছে। তেওঁ ইৰানৰ চৰ্ত অনুসৰি যুদ্ধৰ শীঘ্রেই অৱসান ঘটোৱাটো বিচাৰিছে বুলি প্রকাশ পাইছে। আল আৰবিয়াই প্রকাশ কৰা এটা বাতৰিত কোৱা হৈছে যে ইৰানৰ বিদেশ মন্ত্রী আবুাছ অবাঘছিয়ে আমেৰিকাৰ দূত ষ্টিভ বিটকফক গোপনে জনায় যে সর্বোচ্চ নেতা মুজতবা খামেনেইয়ে আলোচনাৰ অনুমতি দিয়ে। ইফালে চি বি এছ নিউজে প্রকাশ কৰা এটা বাতৰি মতে আমেৰিকাই মধ্যস্থতাকাৰীৰ জৰিয়তে ইৰানলৈ প্রস্তাৱ প্ৰেৰণ কৰে। ইৰানৰ বিদেশ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে এই প্রস্তাৱৰ বিষয়সমূহক লৈ পর্যালোচনা কৰি থকা হৈছে। ইফালে ইজৰাইলে কয় যে ইৰানৰ সৈতে যুদ্ধৰ অন্ত পেলোৱাৰ বাবে কোনো ধৰণৰ চুক্তিত উপনীত হোৱাটো বর্তমান সম্ভৱপৰ নহয়। ইজৰাইলৰ এজন বিষয়াই এই কথা প্রকাশ কৰি কয় যে তেওঁৰ দেশে ইৰানক কোনো ধৰণৰ ৰেহাই দিয়াৰ পক্ষত নাই। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজেও এই বুলি প্রকাশ কৰে যে বর্তমান যুদ্ধ স্থগিত ৰখা নহয়। ইজৰাইলে সম্পূর্ণ শক্তিৰে ইৰানত আক্ৰমণ অব্যাহত ৰাখিছে। ইফালে আমেৰিকাই যুদ্ধ-বিৰতি ঘোষণা কৰাৰ পাছতো ইজৰাইলে ইৰানৰ শক্তি আন্তঃগাঁথনিত আক্রমণ অব্যাহত ৰাখে। ইজৰাইলী বায়ু সেনাই সোমবাৰে সমগ্র নিশাটো অর্ধশতাধিক স্থানত আক্রমণ কৰে। ইয়াৰ বিপৰীতে ইৰানেও ইজৰাইলত সোমবাৰে ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। 

উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে সোমবাৰে ইৰানৰ সৈতে পাঁচ দিনৰ ভিতৰত বুজাপৰাত উপনীত হ'ব পৰা যাব বুলি আশা কৰিছিল। ইফালে একাংশ সংবাদ মাধ্যমত এই বুলি প্রকাশ পাইছে যে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জেডি ভেন্স আৰু ৰাষ্ট্ৰপতি ট্রাম্পৰ বিশেষ দূত ষ্টিভ বিটকফ তথা জেৰেড কুশ্বনাৰে ইছলামাবাদত পাকিস্তানৰ আতিথ্যত ইৰানী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ'ব। এই প্রসংগত বাতৰি প্রতিষ্ঠান এ এন আয়ে হোৱাইট হাউছৰ মুখপাত্র কেৰোলিনা লিটিভক প্রশ্ন কৰাত তেওঁ কয় যে ই এটা স্পর্শকাতৰ কূটনৈতিক বিষয় আৰু আমেৰিকাই সংবাদ মাধ্যমেৰে আলোচনা নকৰে। ই এক পৰিৱৰ্তনশীল স্থিতি আৰু বৈঠকৰ সম্পর্কত প্রকাশ পাই থকা বাতৰিসমূহক যেতিয়ালৈকে হোৱাইট হাউছে আনুষ্ঠানিকভাৱে ঘোষণা নকৰে তেতিয়ালৈকে চূড়ান্ত তথা নিশ্চিত বুলি ধৰি ল'ব নালাগে।

Share This