ইৰান-আমেৰিকাৰ পুনৰ আক্ৰমণ-প্রত্যাক্ৰমণ

dainik janambhumi May 29, 2026

ডিজিটেল ডেস্ক : শান্তি আলোচনা প্রক্রিয়া প্রায় স্থবিৰ হৈ পৰাৰ মাজতে আমেৰিকা আৰু ইৰানৰ মাজত পুনৰ ভয়াৱহ যুদ্ধ আৰম্ভ হৈছে। ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ নিৰ্দেশত মার্কিন সেনাই ইৰানৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি বুধবাৰে নিশা ক্ষেপণাস্ত্ৰ আৰু ড্র'ন আক্রমণ চলায়। ইৰানৰ এই সামৰিক ঘাটি কেইটাই মার্কিন সেনালৈ ভাবুকি কঢ়িওৱাৰ লগতে হৰমুজ প্রণালীত জাহাজসমূহক আবদ্ধ কৰি ৰাখিছিল বুলি আমেৰিকাই অভিযোগ উত্থাপন কৰিছে। 

ইফালে ইৰানে অভিযোগ কৰিছে যে আমেৰিকাই যুদ্ধ বিৰতি চুক্তি ভংগ কৰি এই আক্রমণ চলাইছে। ইতিমধ্যে ইৰানেও আমেৰিকাৰ আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিছে। দেশখনৰ ইছলামিক ৰিভ'লিউছনেৰী গার্ড ক'পৰ্ছ (আই আৰ জি চি)ৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিশোধ হিচাপে ইৰানেও কুৱেইটৰ মার্কিন সামৰিক ঘাটিত অক্রমণ চলায়। কুৱেইটত থকা মার্কি বায়ু সেনাৰ ঘাটিত মিছাইল আৰু ড্র'নেৰে ভয়াৱহ আক্রমণ চলোৱা আই আৰ জি চিয়ে আমেৰিকাক সকীয়াই দি কয় যে আমেৰিকাই পুনৰ আক্রমণ চলালে তাৰ প্ৰত্যুত্তৰ অধিক ভয়াৱহ হ'ব। ইৰানৰ উপ বিদেশ মন্ত্রী কাছেম ঘাৰিবাবাদিয়ে আমেৰিকাক সকীয়াই দি কয় যে হৰমুজ প্রণালী ইৰানৰ সাৰ্বভৌমত্বৰ ভিতৰত। হৰমুজত আমাৰ সাৰ্বভৌমত্বক দুর্বল কৰিবলৈ আমেৰিকাক অনুমতি দিব নোৱাৰো বুলিও তেওঁ কয়। 

আনহাতে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এইবাৰ ওমান আক্ৰমণৰ ভাবুকি দিছে। হৰমুজ প্রণালী পুনৰ মুকলিৰ ক্ষেত্ৰত যদি ওমানে ইৰানক সমর্থন দিয়ে, তেতিয়া দেশখন আমেৰিকাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিব বুলিও ট্রাম্পে প্রকাশ কৰে। ইফালে ইৰানত ২০২৫ চনৰ জুলাইৰ পৰা আটক হৈ থকা ১০জন নাবিকক মঙলবাৰে দেশখনে মুকলি কৰি দিয়ে। ভাৰতীয় জাহাজ সঞ্চালকালয়ে এই তথ্য প্রকাশ কৰিছে। নাবিক কেইজনক যোৱা বছৰ এখন তেলৰ টেংকাৰসহ আটক কৰা হৈছিল। ভাৰত-ইৰানৰ কূটনৈতিক বুজাবুজিৰ পাছত তেওঁলোকক মোকলাই দিয়া হয়।

Share This