ইৰানত চলিব সর্ববৃহৎ আক্রমণ

dainik janambhumi March 14, 2026

ডিজিটেল ডেস্ক  : আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী হেগছেথে শুকুৰবাৰে কয় যে আমেৰিকাই আজি ইৰানত বৃহত্তম বিমান আক্ৰমণ কৰিব। 

তেওঁ কয় যে আমেৰিকাৰ সেনাই আধিপত্য অটুট ৰাখিব আৰু আক্ৰমণ তীব্ৰ কৰি তুলিব। তেওঁৰ মতে, বৃহৎসংখ্যক যুঁজাৰু আৰু বোমাৰু বিমানেৰে ইৰানৰ ওপৰত আক্ৰমণ কৰা হ'ব। 

হেগছেথে আৰু কয় যে আমেৰিকাই ইৰানৰ সকলো গুৰুত্বপূৰ্ণ সামৰিক ক্ষমতা ধ্বংস কৰাৰ আঁচনিত আগবাঢ়িছে। সংবাদমেলত তেওঁ দাবী কৰে যে আমেৰিকা-ইজৰাইলে একেলগে এতিয়ালৈকে ১৫,০০০ লক্ষাস্থানত আক্ৰমণ কৰিছে। তেওঁ আৰু কয় যে এই সামৰিক অভিযানত দুয়োখন দেশে বৃহৎ সফলতা লাভ কৰিছে।

Share This