ডিজিটেল ডেস্ক: ইৰান আৰু ইজৰাইল-আমেৰিকাৰ মাজৰ যুদ্ধই ইৰানত ব্যাপক হাৰত ক্ষতি কৰা সত্ত্বেও তেহৰানে সেও মানিবলৈ অস্বীকাৰ কৰিছে। ইৰানৰ নতুন নেতৃত্বই যুদ্ধ বিৰতি অথবা উত্তেজনা হ্রাস কৰাৰ বাবে দিয়া প্রস্তাৱ পোনছাতেই অগ্রাহ্য কৰি ইজৰাইল আৰু আমেৰিকালৈ কঠোৰ সকীয়নিহে প্ৰেৰণ কৰে। ফলত অষ্টাদশ দিনত ভৰি দিয়া যুদ্ধৰ অচিৰেই কোনো সমাধানত উপনীত হোৱাৰ সম্ভাৱনাও ক্ষীণ হৈ পৰিছে।
উল্লেখযোগ্য যে ইৰানৰ নতুন সর্বোচ্চ নেতা আয়াতোল্লা মোজতাবা খামেনেইয়ে আমেৰিকাৰ সৈতে কোনো ধৰণৰ বুজাপৰা বা যুদ্ধ বিৰতিত উপনীত নহয় বুলি কঠোৰভাৱে স্পষ্ট কৰি দিয়ে। মোজতাবাই কয় যে তেওঁৰ দেশে আমেৰিকাৰ সৈতে কোনো ধৰণৰ আলোচনাও নকৰে বা যুদ্ধ বিৰতিও নকৰে। মধ্য প্রাচ্যত যুদ্ধৰ অন্ত পেলোৱাৰ বাবে মধ্যস্থতাকাৰীৰ জৰিয়তে মোজতাবাক দিয়া এটা প্রস্তাৱ তেওঁ পোনছাতেই অগ্রাহ্য কৰে। তেওঁ কয় যে যুদ্ধ বিৰতি বা কোনো ধৰণৰ বুজাপৰাত উপনীত হ'বলৈ হ'লে আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওচৰত আঁঠু ল'ব লাগিব আৰু সম্পূৰ্ণৰূপে পৰাজয় স্বীকাৰ কৰাৰ লগতে ইৰানত আক্ৰমণ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। দ্য জেৰুজালেম প'ষ্টে প্রকাশ কৰা এটা বাতৰিত এই কথা কোৱা হৈছে।
বাতৰি কাকতখনে ইৰানৰ উচ্চপদস্থ বিষয়াৰ উদ্ধৃতি দি কয় যে উত্তেজনা প্রশমনৰ বাবে মধ্যস্থতাকাৰীৰ জৰিয়তে দিয়া প্রস্তাৱটো মোজতাবাই পোনছাতেই নাকচ কৰে। দেশখনৰ নতুন সর্বোচ্চ নেতাৰ দায়িত্ব গ্রহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ইৰানৰ বিদেশ নীতিৰ বিষয়ক এখন বৈঠকত মিলিত হয় মোজতাবা। তেওঁ বৈঠকত আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে প্রতিশোধ লোৱাত অতি কঠোৰ আৰু গুৰুতৰ স্থিতি গ্রহণ কৰে। বৈঠকত মোজতাবা উপস্থিত আছিল নে ভার্চুৱেলী অংশ গ্রহণ কৰিছিল সেই কথা বিষয়াজনে স্পষ্ট নকৰিলে।
বিষয়াজনে লগতে প্রকাশ কৰে যে দুখন মধ্যস্থতাকাৰী দেশৰ জৰিয়তে ইৰানৰ বিদেশ মন্ত্ৰ্যালয়ক আমেৰিকাৰ সৈতে উত্তেজনা হ্রাস কৰা বা যুদ্ধ বিৰতিৰ প্ৰস্তাৱ দিয়া হৈছিল। বিষয়াজনে প্ৰস্তাৱটোৰ সম্পৰ্কত বিতংভাৱে কোনো কথা প্রকাশ নকৰিলে আৰু মধ্যস্থতা কৰা দেশ দুখনৰ নামো প্রকাশ নকৰিলে। দেশ দুখনে আগবঢ়োৱা প্ৰস্তাৱটোত মোজতাবাই অতি কঠোৰ স্থিতি গ্রহণ কৰি কোনো ধৰণৰ বুজাপৰাৰ সম্ভাৱনা নুই কৰে। তেওঁ কয়, 'আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওচৰত আঁঠু নোলোৱালৈকে তথা সম্পূৰ্ণৰূপে পৰাজয় স্বীকাৰ নকৰালৈকে আৰু ক্ষতিপূৰণ নিদিয়ালৈকে শান্তিৰ বাবে সময় উপযুক্ত নহয়।' তেওঁৰ এই মন্তব্য ইছলামিক গণৰাজ্যখনৰ শেষ কথা বুলিও লগতে কোৱা হৈছে।
উল্লেখযোগ্য যে মোজতাবা খামেনেইক যোৱা সপ্তাহত দেশখনৰ সর্বোচ্চ নেতাৰূপে বাছনি কৰাৰ পাছত এইটো আছিল প্রথমটো আনুষ্ঠানিক বার্তা। উল্লেখযোগ্য যে আমেৰিকাৰ আক্রমণত মোজতাবা খামেনেই গুৰুতৰ ৰূপে আহত হোৱা বুলিও দাবী কৰা হৈছিল, কিন্তু ইৰানে এই দাবী অগ্রাহ্য কৰি কয় যে নতুন সর্বোচ্চ নেতাজন সামান্যভাৱে আহত হৈছিল ।