বিশ্ব কাপ ফুটবলত খেলিব ইৰানে

dainik janambhumi May 19, 2026

ডিজিটেল ডেস্ক : আমেৰিকাৰ মাটিত ইৰানে বিশ্ব কাপ ফুটবলত খেলাৰ সম্ভাৱনা ধীৰে ধীৰে বৃদ্ধি পাইছে। ইৰানৰ ফুটবল কৰ্মকৰ্তাৰ সৈতে বৈঠকত মিলিত হৈছে ফিফাৰ সচিব মাণ্ডিয়াছ গ্রাফষ্টর্ম। দুয়ো পক্ষই জনাইছে যে ইতিবাচক আলোচনা হৈছে। বৈঠকৰ অন্তত গ্রাফষ্টৰ্মে কয়, 'বৈঠক ইতিবাচক হৈছে। ইৰানৰ ফুটবল সংস্থাৰ সৈতে আমাৰ গঠনমূলক আলোচনা হৈছে। বিশ্ব কাপত ইৰানক দেখা পোৱা যাব বুলি আমি আশাবাদী হৈ ৰৈছোঁ। এতিয়াও কিছু বিষয়ক লৈ আলোচনা হ'বলৈ বাকী আছে। 

ফিফাৰ তৰফৰ পৰা জনোৱা হৈছে যে ইৰানৰ ফুটবল কৰ্মকৰ্তাৰ আগ্রহ দেখা পাই তেওঁলোকৰ ভাল লাগিছে। গ্রাফষ্টর্মে লগতে কয় যে আমেৰিকা, কানাডা আৰু মেক্সিকোত আয়োজিত বিশ্ব কাপত ইৰানক আদৰিবলৈ আমি সাজু আছোঁ। ইফালে, ইৰানৰ ফুটবল সংস্থাৰ মুৰব্বী মেহদি তাজেও একেই সুৰ প্ৰকাশ কৰিছে। তাজে কয়, 'আমি আমাৰ উদ্বেগ ফিফাৰ বিষয়াগৰাকীক অৱগত কৰিছোঁ। তেওঁ আমাক আশ্বাস দিছে সেই সকলোবোৰ বিষয়ে চোৱাচিতা কৰা হ'ব। বিশ্ব কাপত খেলিবলৈ আমাৰ যাতে কোনো সমস্যা নহয় সেয়া নিশ্চিত কৰাৰ চেষ্টা চলাইছে।' 

জানিব পৰা মতে, তুৰস্কত ইৰানৰ প্ৰস্তুতি শিবিৰ চলাকালীন এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হৈছিল। বিশ্ব কাপ আৰম্ভ হ'বলৈ বেছি দিন বাকী নাই। সেয়ে, তাৰ আগেয়ে সমস্যাৰ জটিলতা আঁতৰাই ইৰানক ৰাজী কৰিবলৈ চেষ্টা চলাইছে ফিফাই। ইয়াৰ আগেয়ে ইৰানে জানিবলৈ দিছিল যে তেওঁলোকে বিশ্ব কাপত অৱশ্যেই খেলিব। কিন্তু তেওঁলোকৰ ফুটবলাৰ, কর্মকর্তাসকলক যথাযোগ্য সম্মান দিব লাগিব। 

ইয়াৰ উপৰি, ইৰানে কেতবোৰ চৰ্ত ৰাখিছিল। তাৰ মাজৰ অন্যতম চৰ্ত হ'ল ইৰানৰ সামৰিক বাহিনীৰ শাখা ইছলামিক ৰিভলুশ্যনেৰী গার্ড কর্পছৰ (আই আৰ জি চি).... যিসকল সদস্য ইৰানৰ জাতীয় ফুটবল দলৰ সৈতে জড়িত হৈ আছে, সেই সকলোৰে ভিছা মঞ্জুৰ কৰিব লাগিব।

Share This