ডিজিটেল ডেস্ক: আমেৰিকা আৰু ইৰানৰ মাজত উত্তেজনা চলি থকাৰ সময়তে ফিফাই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। ফিফাই লোৱা সিদ্ধান্তটোৰ পাছত ইৰানী ফুটবল দলটোৱে এতিয়া মেক্সিকোৰ পৰা আমেৰিকাত বিশ্ব কাপৰ মেচ খেলিবলৈ যাব। বিশ্ব কাপত খেলাৰ বাবে ইৰানৰ দলটোক মার্কিন ভিছা দিয়াৰ প্রতিশ্রুতি দিয়ে ফিফাই।
উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত চলি থকা উত্তেজনাৰ বাবে আমেৰিকাই ইৰানৰ ফুটবল দলটোক বিশ্ব কাপৰ সময়ত দেশখনত থকাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰে। সেয়েহে দলটোৱে বিশ্ব কাপৰ বাবে মেক্সিকোত শিবিৰ পাতি থাকিব। ইৰানে আমেৰিকাত বিশ্ব কাপৰ গ্ৰুপ পৰ্যায়ৰ তিনিখন মেচ খেলিব।
ইৰানৰ ক্ৰীড়ামন্ত্রী আহমদ ডন্যামালিয়ে কয় যে মধ্যপ্রাচ্যত যুদ্ধ চলি থাকিলেও তেওঁৰ দেশৰ ফুটবল দলটোৰ সদস্যসকলক বিশ্ব কাপত আমেৰিকাত খেলাৰ বাবে ভিছা দিব বুলি ফিফাই প্রতিশ্রুতি দিছে। ইয়াৰ আগতে এই বুলি প্রকাশ পাইছিল যে আমেৰিকাই ইৰানী ফুটবল দলটোক দেশখনত খেলাৰ বাবে ভিছা নিদিবও পাৰে।
উল্লেখযোগ্য যে যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰানত আক্ৰমণ কৰাৰ পাছতে দুয়োপক্ষৰ মাজত যুদ্ধ আৰম্ভ হয়। ইয়াৰ ফলত বিশ্বত গভীৰ ভূ-ৰাজনৈতিক সংকটৰ সৃষ্টি হয় আৰু ইৰানে বিশ্ব কাপত খেলাৰ ক্ষেত্রত অনিশ্চয়তাৰ সৃষ্টি হয়। কিন্তু এতিয়া এই সমস্যাৰ অন্ত পৰিছে। অৱশ্যে যুদ্ধৰ বাবে ইৰানৰ দলটোৱে মুকলিমূৰীয়াকৈ বিশ্ব কাপৰ প্ৰস্তুতি চলাব নোৱাৰিলে প্ৰধানকৈ দলটোৰ ভ্ৰমণ আৰু অনুশীলনত সৃষ্টি হোৱা বাধাৰ বাবে।
বিশ্ব কাপৰ সময়ত ইৰানৰ দলটোক মেক্সিকোৰ সীমান্তৰ মহানগৰ তিজুৱানাত ৰখা হ'ব, কিয়নো ফিফাই এৰিজোনাৰ পৰা দলটোৰ অনুশীলন শিবিৰ স্থানান্তৰ কৰাৰ বাবে জনোৱা অনুৰোধ গ্রহণ কৰিছে। ইৰানৰ ক্ৰীড়ামন্ত্ৰীজনে কয়, 'ফিফাৰ সভাপতিয়ে আমাক প্রতিশ্রুতি দিছে যে আমাৰ দলৰ সকলো খেলুৱৈয়ে ভিছা লাভ কৰিব। আমাৰ খেলুৱৈসকলে ভিছা নোপোৱাৰ কোনো কাৰণ নাই। আমাৰ ৰাষ্ট্ৰীয় দলটোৱে শান্তিৰে আৰু সঠিকভাৱে বিশ্ব কাপত খেলিব পৰাকৈ সকলো চৰ্ত পূৰণ কৰিব বুলি মই আশা কৰিছোঁ। ইফালে মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বিনবামে সোমবাৰে কয় যে তেওঁৰ দেশে ইৰানৰ ফুটবল দলটো আমেৰিকাৰ ভিছাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ দেশত থকাৰ অনুমতি দিয়ে। ডন্যামালীয়ে কয় যে বিশ্ব কাপৰ আয়োজক দেশে ইয়াত অংশগ্ৰহণ কৰিবলগীয়া দলৰ খেলুৱৈ আৰু সহায়ক ষ্টাফক ভিছা দিবলৈ বাধ্য। বৰ্তমান ইৰানৰ ফুটবল দলটোৱে তুৰস্কৰ অন্তাল্যাত অনুশীলন কৰি আছে। দলটোৰ একাংশ সদস্যই মার্কিন ভিছাৰ বাবে আৱেদন জনাবলৈ বৃহস্পতিবাৰে আংকাৰালৈ যাব।
উল্লেখযোগ্য যে ফিফাই গ্রহণ কৰা ব্যৱস্থা অনুসৰি ইৰানী দলটো মেচ থকাৰ দিনা আমেৰিকালৈ যাব আৰু তাত খেল শেষ হোৱাৰ পাছত পুনৰ মেক্সিকোলৈ উভতি আহিব। তিজুৱানা কেলিফর্নিয়াৰ দক্ষিণত আছে। শ্বিনবামে কালি সংবাদ মাধ্যমৰ আগত কয় যে তেওঁক ফিফাৰ বিষয়ববীয়াসকলে এই বুলি সুধিছিল যে ইৰানী দলটো তেওঁৰ দেশত থাকিব পাৰিব নেকি, কিয়নো আমেৰিকাই দলটোত দেশখনত ৰাখিবলৈ বিচৰা নাই। তেওঁ লগে লগে দলটোক মেক্সিকোত থকাৰ অনুমতি দিয়ে। ইৰানে বিশ্ব কাপত প্রথম মেচ খেলিব ১৫ জুনত।