খামেনেই-বিৰোধী প্ৰতিবাদত উত্তাল ইৰানৰ ৰাজপথ, নির্বাসিত নেতা পাহলাভীৰ আহ্বানত প্ৰতিবাদী কাৰ্যসূচী

dainik janambhumi January 10, 2026

ডিজিটেল ডেস্ক : ইৰানৰ সৰ্বোচ্চ নেতা আলী খামেনেই নেতৃত্বাধীন ইছলামিক শাসন ব্যৱস্থাৰ বিৰুদ্ধে চলি থকা প্রতিবাদে বৃহস্পতিবাৰে তীব্ৰ ৰূপ লয়। খামেনেই-বিৰোধী প্ৰতিবাদত ইৰানৰ বহুতো চহৰৰ ৰাজপথ উত্তাল কৰি তোলে প্রতিবাদকাৰীয়ে। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ান নেতৃত্বাধীন ইৰান চৰকাৰে সমগ্র দেশতে ইণ্টাৰনেটৰ সংযোগ কৰ্তন কৰাৰ নিৰ্দেশ দিয়ে।

প্রতিবাদী কাৰ্যসূচী বৃদ্ধি হোৱাৰ বাবে নিশাৰ সময়ত আন্তঃৰাষ্ট্ৰীয় টেলিফ'ন কল নিষিদ্ধ কৰা হয়। বৃহস্পতিবাৰে নিশা ৮ বজাত (স্থানীয় সময়) প্রতিবাদী কাৰ্যসূচীৰ বাবে আহ্বান জনায় পাহলাভীয়ে। ইয়াৰ পাছতে তেহৰান সমন্বিতে পাশ্ব পাৰ্শ্বৱৰ্তী অঞ্চলটো প্রতিবাদকাৰীয়ে প্রতিবাদী কণ্ঠৰে আকাশ-বতাহ কঁপাই তোলে। প্রতিবাদ কাৰীয়ে সমস্বৰে কয়, 'নিপাত যাওক স্বৈৰাচাৰী শাসক', 'নিপাত যাওক ইছলামিক গণৰাজ্য', 'এই খনেই শেষ যুদ্ধ'! 'পাহলাভীৰ ঘূৰি আহিব' আদি। ইৰানবাসীয়ে তেওঁলোকৰ স্বাধীনতা বিচাৰিছে।

উল্লেখযোগ্য যে ইৰানৰ শেষ ৰজা নির্বাসিত পুত্ৰ ৰেজা পাহলাভীৰ নেতৃত্বতে এই প্রতিবাদ আৰম্ভ হৈছে। ইফালে, ইৰানৰ সৰ্বোচ্চ নেতা খামেনেই কালি টেলিভিছনযোগে দেশবাসীক শান্তি বজাই ৰাখিবলৈ আহবান জনায় আৰু প্রতিবাদীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়ে।

Share This