ডিজিটেল ডেস্ক : 'অন-স্ক্রীন মার্কিং' (অ' এছ এম)ক লৈ চলি থকা বিতৰ্কৰ মাজতে কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে (চি বি এছ ই) দেওবাৰে প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰে যে দ্বাদশ শ্ৰেণীৰ উত্তৰবহীৰ মূল্যায়নৰ বাবে ব্যৱহাৰ কৰা ডিজিটেল প্লেটফর্মত বিসংগতি হৈছিল।
'এক্স'যোগে এটা প'ষ্টত চি বি এছ ইয়ে কয় যে ৰাজহুৱাকৈ এইক্ষেত্ৰত বিতৰ্কৰ সৃষ্টি হোৱাৰ পাছত ইয়াৰ সেৱা প্রদানকাৰীৰ 'অ' এছ এম' প'ৰ্টেলত ধৰা পৰা বিসংগতি সূক্ষ্মভাৱে পৰিষদে নিৰীক্ষণ কৰি আছে। শিক্ষার্থীয়ে প্রশ্ন উত্থাপন কৰাৰ পাছত অন-স্ক্রীন মার্কিঙৰ ক্ষেত্ৰত প্ৰথমবাৰ চি বি এছ ইয়ে এই স্বীকাৰোক্তি দিয়ে।
এটা আনুষ্ঠানিক বিবৃতি দি চি বি এছ ইয়ে কয় যে বিভিন্ন চৰকাৰী সংস্থা আৰু ভাৰতীয় প্রযুক্তি প্ৰতিষ্ঠানৰ (আই আই টি) এটা বিশেষজ্ঞ দলে বিগত কিছুদিন ধৰি 'অ' এছ এম' পদ্ধতিটোৰ সুৰক্ষা আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ কাম কৰি আছে।