প্ৰত্যাৱৰ্তন ঘটিব ঈশান কিষাণৰ, নিউজিলেণ্ডৰ বিৰুদ্ধে আজি প্রথম টি-২০

dainik janambhumi January 21, 2026

ডিজিটেল ডেস্ক : ঈশান কিষাণে ২০২৩ চনৰ নৱেম্বৰত শেষবাৰলৈ ভাৰতীয় জাছীৰে খেলিছিল। সেই মেচৰ ২৬ মাহৰ পাছত আন্তর্জাতিক ক্রিকেটলৈ উভতি আহিছে ঈশান। নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ ক্রিকেটৰ আগেয়ে ভাৰতীয় অধিনায়ক সূর্যকুমাৰ যাদৱে বুধবাৰে ঈশানে খেলিব বুলি জানিবলৈ দিছে। 

ঈশানক টি-২০ বিশ্ব কাপৰ আগেয়ে প্রস্তুতি চলোৱাৰ বাবে সময় দিয়া হৈছে। ইফালে, নিজৰ ফৰ্মক লৈ চিন্তিত নহয় ভাৰতীয় অধিনায়ক সূর্যকুমাৰ। ক্রিকেটত ভাল খেলাৰ বাবেই এসময়ৰ অবাধ্য ক্রিকেটাৰ ঈশানক ভাৰতীয় দলত অন্তর্ভুক্ত কৰা হৈছে। তিলক বাৰ্মাই আঘাত পোৱাৰ বাবে তিনি নম্বৰৰ স্থানত ঈশানে খেলাৰ সম্ভাৱনা আছে বুলি কয় অধিনায়ক সূর্যকুমাৰে। 

ইফালে, সূর্যকুমাৰৰ বেটিং, ফৰ্মক লৈও প্রশ্ন উঠিছে। তেওঁ যোৱা বছৰত এটাও অর্ধশতীয় ইনিংছ খেলিব পৰা নাছিল। তেওঁৰ গড় ৰান ১৫ৰ তলত। তথাপি বেটিঙত কোনো সালসলনি ঘটাবলৈ ৰাজী নহয় সূর্যকুমাৰ। ভাৰতীয় অধিনায়কগৰাকীয়ে ইংগিত দিয়ে যে ব্যক্তিগত কোনো খেলত নামিলেই ফর্মক লৈ চিন্তা থাকে। দলগত খেলৰ বাবেই বেছি চিন্তা-চৰ্চা কৰিব খোজা নাই সূর্যকুমাৰে।

Share This