ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি

dainik janambhumi November 01, 2025

ডিজিটেল ডেস্ক : মহম্মদ ইউনুছৰ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰখনে দেশখনৰ ভূমিক ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ অনুমতি দিয়া পৰিলক্ষিত হৈছে। শেহতীয়াকৈ পোৱা এটা বাতৰি মতে, পাকিস্তানে অতি গোপনে ঢাকাত থকা নিজৰ উচ্চায়োগত দেশখনৰ কুখ্যাত চোৰাংচোৱা সংস্থা আই এছ আইৰ এটা কোষ স্থাপন কৰে। উল্লেখযোগ্য যে বাংলাদেশে পাকিস্তানৰ সৈতে প্রতিৰক্ষা আৰু চোৰাংচোৱা সহযোগিতা বৃদ্ধি কৰিছে। এই বিষয়টোক লৈ ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে গভীৰ উদ্বেগ প্রকাশ কৰিছে। ঢাকাত আই এছ আইৰ এই ঘাটি স্থাপন কৰা হয় পাকিস্তানৰ জইন্ট চীফ অব্ ষ্টাফ কমিটীৰ মুৰব্বী জেনেৰেল সাহিৰ ছমছাদ মির্জাই বাংলাদেশ ভ্রমণ কৰাৰ সময়ত।

উল্লেখযোগ্য যে জেনেৰেল মির্জাই আই এছ আই, পাকিস্তানী সেনাৰ তিনিওটা বাহিনীৰ বিষয়াসকলৰ এটা প্রতিনিধি দলক নেতৃত্ব দিছিল। প্রতিনিধি দলটোৱে বাংলাদেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা চোৰাংচোৱা সংস্থা (এন এছ আই) আৰু সেনাৰ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াসকলৰ সৈতে কেইবালানি আলোচনা কৰে। এটা বাতৰিত দাবী কৰা মতে, দুয়োখন দেশে বংগোপসাগৰ আৰু ভাৰতৰ পূব তথা উত্তৰ-পূবৰ আকাশত চকু ৰখাৰ বাবে এক যুটীয়া চোৰাংচোৱা নেটৱৰ্ক গঠনত সন্মতি জনাইছে। ইয়াৰ অধীনত বাংলাদেশে ঢাকাত থকা পাকিস্তানৰ উচ্চায়োগত দেশখনৰ কেইবাজনো চোৰাংচোৱাক নিযুক্তি দিয়াত সম্মতি জনাইছে। ইয়াৰ বিনিময়ত বাংলাদেশে পাকিস্তানৰ পৰা সামৰিক আৰু কাৰিকৰী সাহায্য লাভ কৰিব। ইয়াৰ ভিতৰত দুয়োখন দেশৰ যুটীয়া সামৰিক অনুশীলনো আছে। 

ইফালে বাংলাদেশে পাকিস্তানৰ সৈতে প্ৰতিৰক্ষা চুক্তিতো স্বাক্ষৰ কৰিব। এই চুক্তিত বাংলাদেশৰ এটা প্রতিনিধি দলে পাকিস্তান ভ্ৰমণৰ সময়ত স্বাক্ষৰ কৰিব। ইয়াৰ অধীনত বাংলাদেশে পাকিস্তানৰ পৰা জে এফ-১৭থাণ্ডাৰ যুঁজাৰী বিমান আৰু ফতেহ শৃংখলাৰ ৰকেট প্রণালী ক্ৰয় কৰিব। ইফালে ঢাকাত আই এছ আইৰ কোষ স্থাপন কৰাক লৈ ভাৰতীয় নিৰাপত্তা তথা চোৰাংচোৱা সংস্থাসমূহ উদ্বিগ্ন হৈ পৰিছে। দুয়োখন দেশৰ মাজত চোৰাংচোৱা সহযোগিতাৰ বুজা-বুজিৰ চুক্তিয়ে বংগোপসাগৰত কৌশলগত দিশত পাকিস্তানৰ উপস্থিতি শক্তিশালী কৰিব আৰু ভাৰতৰ সামুদ্রিক তথা বায়ু সেনাৰ কাম-কাজৰ তথ্য পাকিস্তানে লাভ কৰিব পাৰে। ইয়াৰ লগতে আই এছ আইৰ উত্তৰ-পূৰ্বাঞ্চলত অশান্তি সৃষ্টি কৰাৰ ষড়যন্ত্রতো সহায় কৰিব।

Share This