ডিজিটেল ডেস্ক : পহলগামৰ পাছত পুনৰ ভাৰতত ভয়াৱহ আক্রমণৰ পৰিকল্পনা কৰিছে পাকিস্তানে। এইবাৰ পাকিস্তান সমর্থিত সন্ত্রাসবাদীয়ে নহয়, দেশখনৰ চোৰাংচোৱা সংস্থা আই এছ আয়ে ভাৰতৰ কেইবাটাও প্রসিদ্ধ ইতিহাস বিজড়িত স্থানত আক্ৰমণৰ ষড়যন্ত্র ৰচনা কৰিছে। বিশেষকৈ দিল্লীৰ এটা ঐতিহাসিক মন্দিৰ, দিল্লী-ছোনিপট ঘাইপথৰ এখন প্রখ্যাত ধাবা আৰু হাৰিয়ানাৰ এটা সেনা শিবিৰ আই এছ আইৰ ৰাডাৰত আছে। আই এছ আইৰ সমর্থিত 'শ্বাহবাহ ভাট্টি মডিউল'ৰ দ্বাৰা পাক চোৰাংচোৱা সংস্থাটোৱে ভাৰতত ভয়াবহ আক্রমণ চলোৱাৰ পৰিকল্পনা চলাইছিল। কিন্তু দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ সন্ত্রাসবাদী-বিৰোধী অভিযানত আই এছ আইৰ এই গোপন আক্রমণৰ তথ্য প্রকাশ পায়।
দিল্লী আৰক্ষীৰ বিশেষ শাখাই 'গেং বাষ্ট অপাৰেশ্যন ২.০' নামেৰে এক বিশেষ অভিযান দেশৰ কেইবাখনো ৰাজ্যত চলাইছিল। এই অভিযানত 'শ্বাহ বাজ ভাট্টি মডিউল'ৰ ৯টা সদস্যক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা বহুসংখ্যক অস্ত্র-শস্ত্রও জব্দ কৰা হয়। আই এছ আইৰ হৈ কাম কৰা এই লোককেইজনে আৰক্ষীৰ জেৰাত আই এছ আইৰ ভয়াবহ আক্রমণৰ আঁচনি প্রকাশ কৰিছে। আৰক্ষীয়ে গ্রেপ্তাৰ কৰা শাহবাজ ভাট্টি মডিউলৰ এটা সদস্যই দিল্লীৰ এটা ঐতিহাসিক মন্দিৰৰ সকলো গোপন তথ্য আৰু ছবি পাকিস্তানৰ আই এছ আইৰে জড়িত সামাজিৰ মাধ্যম ব্যৱহাৰকাৰীলৈ প্ৰেৰণ কৰিছিল। প্ৰথমে আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ লোকৰ ওপৰত নির্বিচাৰ গুলীচালনা কৰি তাৰ পাছত মন্দিৰটোত আক্রমণ চলোৱাৰ পৰিকল্পনা কৰিছিল আই এছ আয়ে।
ইফালে, প্রতিদিনেই সহস্রাধিক লোকৰ সমাগম হোৱা দিল্লী-ছোনিপট ঘাইপথৰ কাষৰ এখন ধাবাত গ্রেনেডেৰে আক্ৰমণৰ পৰিকল্পনা কৰিছিল শত্রু ৰাষ্ট্ৰখনৰ চোৰাংচোৱা সংস্থাটোৱে। ইফালে, হাৰিয়ানাৰ হিচাৰৰ সেনা শিবিৰত আক্ৰমণৰ লক্ষ্য লোৱা হৈছিল। পাক গেংষ্টাৰ শ্বাহবাজ ভাট্টিৰ হৈ ভাৰতত কাম কৰি থকা একাংশই সেনা শিবিৰৰ ভিডিঅ' পাকিস্তানলৈ প্রেৰণ কৰিছিল। ইতিমধ্যে আটাইকেইটা স্থানতে নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰি তোলা হৈছে।