ডিজিটেল ডেস্ক : আই এছ এল কেতিয়া আৰম্ভ হ'ব সেই প্ৰশ্নৰ উত্তৰ বছৰৰ প্ৰথম দিনতে পোৱা নগ'ল। তাৰ মাজতে আই এছ এলক লৈ যুদ্ধকালীন তৎপৰতা দেখুৱাইছিল সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে (এ আই এফ এফ)। এ আই এফ এফৰ তৰফৰ পৰা আই এছ এলৰ ক্লাবসমূহলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল। সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে পত্ৰত লিখিছিল যে আই এছ এলত অংশগ্রহণ কৰাৰ বিষয়ে তেওঁলোকে কি ভাবিছে? ক্লাবসমূহে আচলতে অংশগ্রহণ কৰিব বিচাৰে নেকি? প্রসংগক্রমে ক্লাববোৰে ফেডাৰেশ্যনৰ প্রস্তাৱত মান্তি হোৱা নাছিল। স্প'র্টিং ক্লাব দিল্লীৰ চি ই অ' ধ্রুব সুদে ১৩টা (জামছেদপুৰক বাদ দি) ক্লাবৰ এখন পত্র ফেডাৰেশ্যনলৈ প্রেৰণ কৰিছিল।
পত্ৰখনত উল্লেখ আছে যে তেওঁলোক খেলিবলৈ ইচ্ছুক। কিন্তু বাণিজ্যিক অংশীদাৰ নিশ্চিত কৰিব লাগিব। মাচুলৰ বিনিময়ত তেওঁলোকে আই এছ এলত খেলিবলৈ আগ্রহী নহয়। যদি এ আই এফ এফে বিচাৰে তেন্তে ৩ জানুৱাৰীত পুনৰ বৈঠকত বহিবলৈ তেওঁলোক আগ্রহী হৈ আছে। দৰাচলতে পৰিৱৰ্তিত পৰিস্থিতিত আই এছ এলৰ কেইবাটাও ক্লাবে প্রতিযোগিতাখনত খেলাক লৈ ইতিমধ্যেই সন্দেহৰ সৃষ্টি হৈছিল। কেৰালা ব্লাষ্টাৰ্ছ, মুম্বাই চি টি এফ চি, ওড়িশা এফ চিৰ দৰে ক্লাবৰ ভৱিষ্যতক লৈ বহু প্রশ্ন উঠিছিল। সকলো ক্লাবে এদিনৰ ভিতৰতে নিজৰ অৱস্থান জনাব লাগিব। ইফালে, কেন্দ্রীয় ক্রীড়া মন্ত্র্যালয়ে জনাইছে যে আই এছ এল হ'বই। ক্লাবসমূহেও খেলিব বিচাৰে। ফেডাৰেশ্যনও জনাইছে যে লীগ হ'বই। পিছে মূল সমস্যাটো যে আর্থিক আৰু ইয়াৰ সমাধান এই পর্যন্ত আধৰুৱা হৈ আছে। ইয়াৰ মাজতে ক্লাবসমূহে বৃহস্পতিবাৰে নিজৰ স্থিতি স্পষ্ট কৰে।
পত্ৰখনৰ জৰিয়তে ক্লাবসমূহে লীগৰ বাণিজ্যিক অধিকাৰ কোনে পাব সেয়া চূড়ান্ত নোহোৱা পর্যন্ত সন্মতি দিব খোজা নাই। লীগৰ মেচবোৰ কোনে দেখুৱাব সেয়াও চূড়ান্ত হোৱা নাই। বৰ্তমানৰ পৰিস্থিতিত প্রতিটো দলে লীগ আয়োজন কৰিবলৈ অতিৰিক্ত ৬-৭ কোটি টকা খৰচ কৰিব লাগিব। যিটো খৰচ কৰিবলৈ আই এছ এলৰ দলসমূহ অনিচ্ছুক। সেইবাবেই ক্লাবসমূহে নতুন বছৰৰ আৰম্ভণিতে ফেডাৰেশ্যনলৈ সন্মতি-পত্ৰ প্ৰেৰণ কৰা নাছিল।