'হিন্দুক হত্যা-আক্রমণ কৰি নিৰ্বাচনত জয়ী হওক', বাংলাদেশত শাসনত বহিবলৈ ইছলামিক মৌলবাদীৰ নতুন সংখ্যালঘু-বিৰোধী কৌশল

dainik janambhumi January 28, 2026

ডিজিটেল ডেস্ক : বাংলাদেশৰ সমাগত সাধাৰণ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশখনত হিন্দু-বিৰোধী অভিযান তীব্র হৈছে। দেশখনত ইতিমধ্যে হিন্দুক আক্রমণ আৰু নৃশংসভারে হত্যা কৰাৰ ঘটনা বৃদ্ধি পাইছে। শেহতীয়াকৈ ভাৰতীয় চোৰাংচোরাই প্রকাশ কৰা মতে, বাংলাদেশত নির্বাচনত জয়ী হোৱাৰ বাবে ইছলামিক মৌলবাদী সংগঠনবোৰ আৰু জামাত-এ-ইছলামে হিন্দু সংখ্যালঘু অঞ্চলত আক্ৰমণৰ ঘটনা সংঘটিত কৰি হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰিছে। 

হিন্দুক আক্রমণ কৰক, হত্যা কৰক আদি নির্বাচনী শ্ল'গান দি সংখ্যালঘু হিন্দুসকলৰ বিৰুদ্ধে বাংলাদেশৰ নাগৰিকক উচটনি দিছে যাতে এই নির্বাচনী শ্ল'গান লৈয়ে ইছলামিক মৌলবাদীয়ে বাংলাদেশৰ শাসনভাৰ ল'ব পাৰে। কেইদিনমান পূর্বে ক্ষমতাচ্যুত প্রধানমন্ত্রী শেখ হাছিনাই দেশখনৰ অন্তৰ্কতী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ বিৰুদ্ধে সৰব হোৱাৰ পাছত এইবাৰ এজন ৫৩ বছৰীয়া নির্বাচনত অবতীর্ণ হোৱা প্রার্থীয়ে স্বীকাৰ কৰিছে যে বিশেষকৈ জামাত-এ-ইছলামৰ প্রার্থীসকলে নিৰ্বাচনত জয়ী হোৱাৰ বাবে সাম্প্রদায়িক হিংসাৰ আশ্ৰয় লৈ নতুন নির্বাচনী কৌশল গ্রহণ কৰিছে। 

ইতিমধ্যে জামাতে ইয়াৰ বিভিন্ন নির্বাচনী সভাত শ্ল'গান দিছে- হিন্দুক আক্রমণ, হত্যা কৰক আৰু নির্বাচনত জিকক। এটা ভিডিঅ'ত এজন সাংসদ পদৰ প্রার্থীয়ে হিন্দুক আক্রমণৰ উচটনি দিয়া তথ্যও প্রকাশ কৰিছে। প্রার্থীজনে কৈছে যে হিন্দুক আক্রমণ কৰাসকলক ইছলামৰ জেহাদী বুলি আখ্যা দিয়া হৈছে। দেশখনত ধর্মীয় সংখ্যালঘুৰ বিৰুদ্ধে প্রণালীবদ্ধ আক্রমণ চলোৱা হৈছে বুলি নেতাজনে স্বীকাৰ কৰে।

Share This