ইছৰ'ই ৰচিলে 'বাহুবলী' ইতিহাস, মহাকাশলৈ প্ৰেৰণ আটাইতকৈ শক্তিশালী চি এম এছ-০৩ কৃত্রিম উপগ্রহ

dainik janambhumi November 03, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ মহাকাশ ইতিহাসত এক সোণালী অধ্যায়ৰ সংযোজন কৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰ') কালি সন্ধিয়া ৫-২৬ বজাত ৪৪০০ কিল'গ্রাম ওজনৰ চি এম এছ-০৩ (জিছেট-৭ আৰ) 'বাহুবলী' কৃত্রিম উপগ্রহ এল ভি এম-৩ এম-৫ ৰকেটেৰে সফল উৎক্ষেপণ কৰে। বতৰে সেই সময়ত সহযোগ কৰা নাছিল- সেই সময়ত আকাশত আছিল ঘন ডাৱৰ, বেগত বলি আছিল বতাহ আৰু বৰষুণৰ আশংকাও, কিন্তু ইছৰ'ই হাৰ মনা নাছিল। ই হ'ল ভাৰতৰ পৰা জিয়'ছিনক্ৰ'নাছ ট্রেন্সফাৰ অর্বিটলৈকে (জি টি অ') উৎক্ষেপণ কৰা ভাৰতৰ আটাইতকৈ গধুৰ কৃত্ৰিম উপগ্রহ। 

এই 'বাহুবলী' উপগ্ৰহটোৱে ভাৰতীয় নৌ-সেনাৰ সামুদ্রিক অঞ্চলত যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰিব। জি টি অ' (২৯,৯৭০ কিল'মিটাৰ × ১৭০ কিল'মিটাৰ) এক ডিম্বাকাৰ কক্ষপথ। ৰকেটে এই কক্ষপথত উপগ্রহটো এৰি দিয়ে। কাইলৈ কৃত্রিম উপগ্ৰহটোৰ ইঞ্জিন ফায়াৰ কৰা হ'ব আৰু কক্ষপথ বৃত্তাকাৰ কৰি ল'ব। ইয়াক জিয়' ষ্টেছনেৰী কক্ষপথ (জি ই অ') বুলি কোৱা হয়। ৰকেটটোৱে সঠিকভাৱে উৰণ আৰম্ভ কৰে আৰু কৃত্রিম উপগ্রহটোক নিজৰ কক্ষপথত উপনীত কৰোৱায়। উল্লেখযোগ্য যে শ্রীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা এই উপগ্ৰহটো কালি পুৱাৰ ভাগতে উৎক্ষেপণ কৰাৰ কথা আছিল, কিন্তু বেয়া বতৰৰ বাবে উৎক্ষেপণৰ সময় পিছুৱাই দিয়া হয়। এল ভি এন-৩ ৰকেটে মাত্র ৫০ মিনিটৰ ভিতৰত উপগ্ৰহটো নিজৰ কক্ষপথত উপনীত কৰোৱায়। ইয়াৰ লগে লগে ইছৰ'ৰ নিয়ন্ত্রণ কক্ষত উপস্থিত থকা বিজ্ঞানীসকলে হাত চাপৰি বজাই উল্লাস প্রকাশ কৰে। 

উল্লেখযোগ্য যে এয়া আছিল ৰকেটটোৰ পঞ্চমটো সফল উৎক্ষেপণ। জিছেট-৭ আৰ উপগ্ৰহটো সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মাণ কৰা হৈছে। ইয়াৰ আগতে উৎক্ষেপণ কৰা জিছেট-৭ পুৰণি হৈ পৰাত এতিয়া এই নতুন উপগ্রহটোৱে ইয়াৰ স্থান ল'ব। জিছেট-৭আৰ উপগ্ৰহটোৱে ভাৰত মহাসাগৰৰ ৭০% আৰু ভাৰতৰ ভূ-ভাগত চকু ৰাখি ছিগনেল প্ৰেৰণ কৰিব। ইয়াৰ জৰিয়তে নৌসেনাৰ জাহাজ, বিমান, ছাবমেৰিন আৰু অপাৰেশ্যন কেন্দ্ৰসমূহৰ মাজত শব্দ, তথ্য আৰু ভিডিঅ' শীঘ্ৰে লাভ কৰাক সহায় হ'ব। ইয়াৰ জৰিয়তে শত্ৰুৰ ওপৰত সূক্ষ্মভাৱে দৃষ্টি ৰাখিব পৰা যাব আৰু শত্ৰুৰ যিকোনোধৰণৰ কাৰ্যকলাপৰ তৎক্ষণাৎ প্ৰত্যুত্তৰ দিব পৰা যাব। উপগ্ৰহটো উৎক্ষেপণ কৰাৰ পাছতে ইছৰ'ৰ অধ্যক্ষ ভি নাৰায়ণে কয় যে বতৰে সহযোগ নকৰিলেও এল ভি এম ৩-এ চমৎকাৰৰ সৃষ্টি কৰিলে। তেওঁ কয়, 'ভাৰতক অভিনন্দন।' আমি ভাৰতত নিৰ্মাণ কৰা আটাইতকৈ গধুৰ জিয়' কমিউনিকেশ্যন উপগ্ৰহৰ সফলতাৰে উৎক্ষেপণ কৰিলোঁ। আমাৰ মহাকাশ খণ্ড দ্রুতগতিত আগবাঢ়িছে, যি নৌ-সেনাৰ লগতে আনসকলক উন্নত মানৰ সেৱা আগবঢ়াব।' ইফালে উপগ্ৰহটোৰ সফল উৎক্ষেপণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছৰ'ক অভিনন্দন জনাই কয় যে 'ইছৰ'ৰ এই সফলতাত আমি গৌৰৱবোধ কৰিছোঁ। আমাৰ বিজ্ঞানীসকলৰ কঠোৰ শ্রমে মহাকাশ খণ্ডক উদ্ভাৱনৰ প্ৰতীক কৰি তুলিছে। ই ৰাষ্ট্ৰৰ বিকাশত এক গতি দিব।'

Share This