বহোতে ভৰি জোকাৰি থকাটোও শাৰীৰিক অনুশীলন!  এনে অভ্যাসে আপোনাক দীৰ্ঘায়ু কৰাত সহায় কৰে 

Jyoti Borah August 23, 2023

ডিজিটেল ডেস্কঃ আপোনাৰ বাৰু ঘৰত বা কাৰ্যালয়ত চকীত বহি থকাৰ সময়ত পেন লৈ খেলি থকা, ভৰি জোকাৰি থকা বা চকী ঘূৰাই থকাৰ অভ্যাস আছে নেকি ?
     সাধাৰণতে এনে অভ্যাসক অশিষ্ট আচৰণ বুলিহে কয়। কিন্তু বিশেষজ্ঞসকলৰ মতে এনে ধৰণৰ অভ্যাস স্বাস্থ্যৰ বাবে উপকাৰী। এনেধৰণৰ অভ্যাসক ‘ফিজিটিং' বুলি কোৱা হয়, যি একপ্ৰকাৰৰ ব্যায়াম। ব্যক্তিৰ এনেধৰণৰ চঞ্চলতাই তেওঁৰ শৰীৰ সক্ৰিয় কৰি ৰাখে আৰু বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰি বয়স বৃদ্ধিতো সহায় কৰে। লীড্‌ছ বিশ্ববিদ্যালয়ৰ পৰিপুষ্টি বিশেষজ্ঞ জেনেট কেডৰ মতে, সাধাৰণতে এনে ধৰণৰ অভ্যাস বা আচৰণক অশিষ্টতা, চঞ্চলতা, মনোযোগহীনতা আৰু মানসিক উদ্বেগৰ পৰিচায়ক বুলি কোৱা হয়। কিন্তু এনে ধৰণৰ সহজ অভ্যাসে আমাৰ ওজন নিয়ন্ত্ৰণ কৰা, মানসিক চাপ ৰক্ষা কৰা আৰু আয়ুস দীঘলীয়া কৰাত সহায় কৰে। আনকি ভৰি জোকাৰি থকাৰ দৰে সাধাৰণ গতিবিধিয়ে আমাৰ শৰীৰৰ অতিৰিক্ত বি কেলৰি দহন কৰাত সহায় কৰে। এই সম্পৰ্কত ২৪জন লোকক লৈ এটা অধ্যয়ন কৰা হৈছিল ৷ ইয়াৰ পৰা লাভ কৰা তথ্য অনুসৰি বহি থাকোঁতে ভৰি জোকাৰি থাকিলে ২৯% আৰু থিয় হৈ থকা অৱস্থাত ভৰি জোকাৰি থাকিলে ৩৮% কেলৰি দহন হয়। আন এটা অধ্যয়নত ৪২জন লোকৰ উদ্বেগজনক পৰিস্থিতিত সাক্ষাৎকাৰ লোৱা হৈছিল। কেউজন লোককে গণিতৰ প্ৰশ্ন সমাধান কৰিবলৈ দিয়া হৈছিল। এই লোকসকলৰ মাজৰ যিসকলে প্ৰশ্নৰ সমাধান উলিওৱাৰ সময়ত বাৰে বাৰে চুলিত হাত ফুৰোৱা, পেনেৰে খেলি থকাৰ দৰে আচৰণ কৰি আছিল সেই সকল লোক সাক্ষাৎকাৰৰ সময়ত কম চাপত আছিল। ইয়াৰ লগতে ফিজিটিঙৰ বাবে একে ঠাইতে বহি বহি কাম কৰাৰ ফলত সৃষ্টি হ'ব পৰা সমস্যাৰ পৰাও মুক্ত হ'ব পাৰি। টেনিছত ছাৰ্ভিচ কৰাৰ সময়ত খেলুৱৈসকলে বল ৰেকেটেৰে কেই বাবৰো মাটিত্‌ মাৰিলে খেলুৱৈসকলৰ খেলৰ প্ৰতি মনোযোগ বৃদ্ধি পায় বুলি কোৱা হয়। 
কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়ৰ নিউৰ'ছায়েন্টিষ্ট মেক্স মেলিনৰ মতে, গতিহীনভাৱে থকাটো স্বাস্থ্যৰ বাবে ভাল বুলি ক'ব নোৱাৰি । কিবা এটা নহয় এটা কৰি থকাৰ সৈতে মস্তিস্কৰ প্ৰদৰ্শন গভীৰ সম্পৰ্ক আছে। ই প্রয়োজন সময়ত সঠিকভাৱে শক্তিৰ যোগান ধৰে আৰু একাগ্ৰতা বৃদ্ধিত সহায় কৰে ।
 

Share This