কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক

Rashmi August 02, 2025

ডিজিটেল ডেস্কঃ আপুনি কুন্দুলী খাই ভালপায়নে?  কুন্দুলী এবিধ লতাজাতীয় উদ্ভিদ, যাৰ বহুতো ঔষধি গুণ আছে। কুন্দুলী মানুহে ভাজি খাই বা দাইলত দিয়ো খায়। কুন্দুলী কেঁচাকৈও খাব পাৰি।  ইয়াৰ পাত, গা-গছ আৰু ফল বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।  প্ৰথমতে ইয়াক এছিয়া আৰু আফ্ৰিকাৰ কিছুমান দেশত খেতি কৰা হৈছিল, কিন্তু সময়ৰ লগে লগে এই পাচলিবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল।  কুন্দুলী বহুতো পুষ্টিৰে সমৃদ্ধ পাচলি। 

কুন্দুলীৰ মুখ্য উপকাৰিতাসমূহ হৈছে


১.  কুন্দুলীৰ পাত থেঁতালি ৰস উলিয়াই ছালৰ ৰোগ, যেনে খজুৱতি আদিত লগালে আৰাম পোৱা যায়। ইয়াৰ উপৰি জন্তুৱে কামোৰা ঠাইত লগালে সোনকালে আৰাম পোৱা যায়।

২. কুন্দুলীৰ গা-গছ খুন্দি ৰস উলিয়াই খালে ব্ৰংকাইটিছ ৰোগত উপকাৰ পোৱা যায়।

৩.  কুন্দুলী পেট চলা ৰোগত উপকাৰী।

৪.  ডায়েবেটিছ ৰোগীৰ বাবে কুন্দুলীৰ ব্যৱহাৰ উপকাৰী হ’ব পাৰে। কুন্দুলীত এণ্টি-হাইপাৰগ্লাইচেমিক প্ৰভাৱ পোৱা যায়, যি তেজত শৰ্কৰাৰ স্তৰ সন্তুলিত ৰাখিবলৈ কাম কৰিব পাৰে, যাৰ ফলত ডায়েবেটিচৰ সমস্যা নিয়ন্ত্ৰণ হয়।

৫. কুন্দুলীৰ পাতৰ ৰস গনোৰিয়া ৰোগীৰ বাবেও উপকাৰী।

৬. কুন্দুলী গৰ্ভৱতী মহিলাৰ বাবেও উপকাৰী পাচলি।

৭.  আয়ৰণৰ অভাৱত শৰীৰ দুৰ্বল হ'লে কুন্দুলীৰ ৰস খালে উপকৃত হ'ব পাৰি।

৮. কুন্দুলী মৃগী ৰোগীৰ বাবেও উপকাৰী।

৯.  কুন্দুলী ক্ৰনিক ডিচেণ্ট্ৰী ৰোগতো উপকাৰী।

১০. কুন্দুলী সেৱন কৰি হজম প্ৰক্ৰিয়া উন্নত কৰিব পাৰি।

১১.  কুন্দুলীত কৰ্কট ৰোধী গুণাগুণ পোৱা যায়, যি এই ৰোগ হোৱা প্ৰতিহত কৰাত সহায় কৰিব পাৰে।

১২.  কিডনীৰ পাথৰ আঁতৰাবলৈ কুন্দুলীৰ ব্যৱহাৰ কৰা হয়। দৰাচলতে, কুন্দুলীত কেলচিয়ামৰ পৰিমান যথেষ্ট পোৱা যায়। কেলচিয়ামে পাচন তন্ত্ৰত পাথৰ হোৱাৰ সকলো সম্ভাৱনা কম কৰিব পাৰে।

১৩. কুন্দুলী বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ। যিয়ে হৃদয় স্বাস্থ্যবান কৰি ৰখাত সহায় কৰে।

১৪. প্ৰায়ভাগ ৰোগ বিয়পোৱাৰ মুখ্য কাৰণ হয় সংক্ৰমণ। কিন্তু কুন্দুলী সেৱন কৰিলে সংক্ৰমণ ৰখাব পৰা যায়।

১৫.  ওজন হ্ৰাস কৰাতো সহায়ক কুন্দুলী। কুন্দুলীত ফাইবাৰৰ পৰিমাণ যথেষ্ট থাকে, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This