ডিজিটেল ডেস্ক: বিশিষ্ট ছবি নিৰ্মাতা, পৰিচালক জাহ্নু বৰুৱাক প্ৰদান কৰা হয় মোমাই তামুলী বৰবৰুৱা বঁটা। টাই আহোম যুৱ পৰিষদ অসমৰ ডিব্ৰুগড় জিলা সমিতিয়ে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে।
ডিব্ৰুগড় আমোলাপট্টি নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট ছবি নিৰ্মাতা জাহ্নু বৰুৱাই এই বঁটা গ্ৰহণ কৰি নিজকে অতি সৌভাগ্যৱান বুলি উল্লেখ কৰি কয়, ‘এই বঁটাটি লাভ কৰাৰ পাছত আনন্দ প্ৰকাশ কৰিবলৈ মোৰ ভাষা নাই। মোমাই তামুলী বৰবৰুৱাৰ দৰে ব্যক্তি আমাৰ ডাঙৰ খুঁটি আছিল। আমি মোমাই তামুলী বৰবৰুৱাক লৈ যথেষ্ট গৌৰৱ কৰোঁ।’
মোমাই তামুলী বৰবৰুৱাক লৈ আমাৰ যথেষ্ট কৰণীয় আছে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
মোমাই তামুলী বৰবৰুৱা বঁটা প্ৰদান অনুষ্ঠানৰ আদৰণী সমিতিৰ সভাপতি ড° দীপক চেতিয়াৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে টাইপাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক দীপ দুৱৰাই।
এই বঁটাৰ লগত আছে জনগোষ্ঠীয় সাজ, ফাৰু, ফ্ৰা চিত, চেলেং, ফুলাম গামোচা, স্মাৰক, সম্বৰ্ধনা-পত্ৰ, হেংদাং আৰু নগদ ধন। অনুষ্ঠানত টাইপাৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলী, মুখ্য উপদেষ্টা দিলীপ গগৈ, কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়া, যুটীয়া সম্পাদক শোভন কোঁৱৰ, আজীৱন উপদেষ্টা ননী কুমাৰ গগৈ, আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই, কাৰ্যকৰী সভাপতি দেৱজিত গগৈ, সম্পাদক ভাস্কৰ বৰগোহাঁই আদি উপস্থিত থাকে।
প্ৰাগ নিউজ ডিজিটেল