ডিজিটেল ডেস্ক : 'জুবিন গাৰ্গৰ ঘটনাক দুর্ঘটনা বুলি নকওঁ- এই হত্যাকাণ্ডৰ এছ আই টিয়ে আদালতত চার্জশ্বীট দিয়াৰ লগে লগেই গৌৰৱ গগৈ যে পাকিস্তানী এজেন্ট হয় তাক ৰাজহুৱা কৰিম। অহা ৭/৮ ডিচেম্বৰৰ ভিতৰত এই চার্জশ্বীট আদালতত দাখিল কৰা হ'ব।'- এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। কালি নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটত মহিলা উদ্যমিতা আঁচনিৰ চে'ক বিতৰণী এক সভাত সাংবাদিকৰে হোৱা কথা-বতৰাত তেওঁ এনেদৰে কয়।
তেওঁ লগতে আৰু কয় যে- বিদেশত যদি কিবা ঘটনা হয় তেতিয়া চার্জশ্বীট দাখিলৰ বাবে গৃহ মন্ত্ৰ্যালয়ৰ অনুমোদন ল'ব লগা হয়। অহা দুই-চাৰি দিনৰ ভিতৰত অনুমোদন লাভ কৰিব পৰা যাব। ইয়াৰ পিছতে চার্জশ্বীট আদালতৰ মজিয়াত দাখিল কৰাৰ পাছতে গৌৰৱ গগৈৰ সকলোবোৰ কথা ৰাজহুৱা কৰিম। গাখীৰত যদি অকণমান পানী থাকে মোৰ কথাত অলপো নাপাব। এশ শতাংশ শুদ্ধ তথ্য দিম। কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈক মোৰ বিৰুদ্ধে গোচৰ তৰিবলৈ পৰামৰ্শ দিছে। মোৰ বিৰুদ্ধে কেছ দিলেতো ভালেই পাওঁ আৰু কেছ নকৰিলেও জুবিন গাৰ্গৰ চার্জশ্বীট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড আমি মুকলি কৰি দিম। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয় যে- নর্থ ইষ্ট ফেষ্টিভেলত অসম চৰকাৰে এটা টকাও দিয়া নাই।
সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- মই যেতিয়ালৈকে মুখ্যমন্ত্রী হৈ থাকিম অবৈধ মিঞাই শান্তিত থাকিব নোৱাৰিব বুলি কৈ তেওঁ আৰু কয়- জুবিন গাৰ্গৰ সমাধিত গৈ সেৱা কৰিলেও অবৈধ মিঞাই ৰক্ষা নাপাব। মুঠৰ ওপৰত অবৈধ মিঞাই টেনশ্যনত থাকিবই লাগিব। সাংবাদিকৰ আছুতীয়া সাক্ষাৎকাৰটোত মুখ্যমন্ত্ৰীয়ে অহা ২৫ নৱেম্বৰত সদনৰ মজিয়াত বহু বিবাহ আইন এখন আনিব বুলি কৈ তেওঁ কয়- এই আইনখন প্ৰৱৰ্তন হ'লে পত্নী থকা অৱস্থাত দ্বিতীয় বিবাহ কৰিলে ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড হ'ব বুলি উল্লেখ কৰে।