'দৈনিক জনমভূমি'ৰ বাতৰিত গা লৰিল এন এইচ আই ডি চি এলৰ, এগাড়ী শিলেৰে গাঁত পোতাৰ চেষ্টা জাণ্ডু কনষ্ট্রাকশ্যনৰ

dainik janambhumi May 25, 2026

ডিজিটেল ডেস্ক: দৈনিক জনমভূমি কাকতত যোৰহাটৰ পৰা জাঁজীলৈ প্রায় ৩৯ কিল'মিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বাতৰি সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছতেই যেন তৎপৰ হৈ পৰিল এন এইচ আই ডি চি এল। বহু বছৰ ধৰি নির্মাণাধীন হৈ থকা এই গুৰুত্বপূৰ্ণ পথছোৱা সম্পূর্ণ হোৱাৰ পূৰ্বেই বিভিন্ন স্থানত ফাটি বহি যোৱা, ব্লেকটপিং এৰাই যোৱা আৰু গাঁত-পুখুৰীৰ সৃষ্টি হোৱাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

বিশেষকৈ টীয়ক অঞ্চলত পথৰ ভয়াৱহ অৱস্থাই এতিয়া পথচাৰী আৰু যান-বাহন চালকসকলক নিতৌ বিপদৰ সন্মুখীন কৰাইছে। কিন্তু স্থায়ী সমাধানৰ পৰিৱৰ্তে দায়সৰা ভাৱে গাঁতত এগাড়ী শিল ছটিয়াই মেৰামতি কৰাৰ চেষ্টা চলোৱাত ৰাইজৰ মাজত ক্ষোভ আৰু অসন্তুষ্টি অধিক বৃদ্ধি পাইছে। 

উল্লেখযোগ্য যে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে এই পথছোৱা অতি শীঘ্ৰে সম্পূৰ্ণ হ'ব বুলি ঘোষণা কৰাৰ পাছতে নির্মাণকার্য তীব্র গতিত আগবঢ়োৱা হৈছিল। দিন-ৰাতি একাকাৰ কৰি কাম চলাই পথৰ মূল অংশ সম্পূৰ্ণ কৰা হৈছিল যদিও বৰ্তমান পথৰ গুণগত মানক লৈ উত্থাপিত হৈছে বহু গুৰুতৰ প্ৰশ্ন। বিশেষকৈ সঞ্জয় আগৰৱালাৰ মালিকানাধীন এম পি আগৰৱালা কোম্পানীয়ে বাদুলিপুখুৰীৰ পৰা জাঁজীলৈ নিৰ্মাণ কৰা পথছোৱাত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় লোকসকলৰ মতে, পথটোৰ বহু স্থানত পথ ফাটি বহি যোৱাৰ লগতে ব্লেকটপিং সম্পূৰ্ণকৈ এৰাই যোৱা পৰিলক্ষিত হৈছে। বহু ঠাইত দীঘলীয়া ছিৰাল ফাট দেখা গৈছে আৰু সামান্য বৰষুণতে পথৰ ওপৰত পানী জমা হৈ যাতায়াত অতি বিপজ্জনক হৈ পৰিছে। স্থানীয় ৰাইজে অভিযোগ কৰে যে কোম্পানীটোৱে নিয়মমাফিক স্থায়ী মেৰামতিৰ পৰিৱৰ্তে মাজে-সময়ে জোৰা-টাপলি মাৰি দায়সৰা কাম চলাই আহিছে। ফলত কিছুদিনৰ পাছতেই পুনৰ একেই অৱস্থা দেখা দিয়ে। পূৰ্বতেও পথৰ নিম্নমানৰ কামক লৈ বিভিন্ন সময়ত প্রশ্ন উত্থাপিত হৈছিল যদিও একাংশ তথাকথিত দালালচক্রই পূৰ্বৰ কোম্পানীৰ ভুলৰ বাবে এনে অৱস্থা হোৱা বুলি দাবী কৰি বিষয়টো গাপ দিয়াৰ চেষ্টা কৰিছিল। কিন্তু স্থানীয় সচেতন মহলে স্পষ্টভাৱে উল্লেখ কৰিছে যে বলমাৰ পৰা টীয়ক নগৰৰ জগদুৱাৰলৈ অংশটো এম পি আগৰৱালা কোম্পানীয়ে সম্পূর্ণ নতুনকৈ নিৰ্মাণ কৰিছিল। তথাপি এবছৰ পূৰ্ণ নৌহওঁতেই বহু স্থানত পথ ফাটি বহি যোৱা আৰু ব্লেকটপিং এৰাই যোৱাৰ ঘটনাই কোম্পানীটোৰ কামৰ মানক লৈ গভীৰ সন্দেহৰ সৃষ্টি কৰিছে। 

ইফালে জাঁজীৰ পৰা যোৰহাটলৈ পথছোৱাৰ মেৰামতিৰ দায়িত্ব লাভ কৰা জাণ্ডু কনষ্ট্রাকশ্যন প্রাইভেট ইণ্ডিয়া লিমিটেডেও বাতৰি প্ৰকাশৰ পাছতে কিছু তৎপৰতা দেখুৱায়। কোম্পানীটোৱে কেইটামান গাঁতত শিল ছটিয়াই সাময়িক মেৰামতিৰ চেষ্টা চলায় যদিও গধুৰ যান-বাহনৰ চাপ সহিব নোৱাৰি সেই অংশ পুনৰ বহি যোৱাৰ অভিযোগ উত্থাপিত হৈছে। ফলত ৰাইজৰ মাজত এই মেৰামতি কাৰ্যক লৈও অসন্তুষ্টি বৃদ্ধি পাইছে। স্থানীয় লোকে কয় যে কোটি কোটি টকা ব্যয়েৰে নিৰ্মিত এটা ৰাষ্ট্ৰীয় ঘাইপথ যদি এবছৰৰ ভিতৰতে এনেদৰে ক্ষতিগ্রস্ত হয়, তেন্তে ইয়াৰ আঁৰত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ, পর্যাপ্ত তদাৰকীৰ অভাৱ আৰু ব্যাপক অনিয়ম সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। 

বৰ্তমান পথছোৱাৰ দুৰৱস্থাৰ বাবে অঞ্চলটোত সঘনাই সৰু-বৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে। পথৰ গাঁত এৰাই যাবলৈ গৈ বহু চালকে যান-বাহনৰ নিয়ন্ত্রণ হেৰুৱাই বিপদত পৰাৰ ঘটনাও পোহৰলৈ আহিছে। বিশেষকৈ নিশাৰ সময়ত আৰু বৰষুণৰ বতৰত এই পথৰে যাতায়াত কৰাটো অধিক বিপজ্জনক হৈ পৰিছে। বহু পথচাৰীয়ে ক্ষোভ প্রকাশ কৰি কয় যে সাধাৰণ ৰাইজৰ জীৱনক বিপদৰ মুখলৈ ঠেলি দি ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে কেৱল দায়সৰা কাম চলাই আহিছে। এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে স্থানীয় সচেতন মহল, বিভিন্ন দল-সংগঠন আৰু সাধাৰণ ৰাইজে। তেওঁলোকে ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সমগ্র পথছোৱাৰ গুণগত মান পৰীক্ষা কৰি ক্ষতিগ্রস্ত অংশসমূহৰ স্থায়ী মেৰামতি কৰাৰ দাবী জনাইছে। লগতে এনেধৰণৰ বৃহৎ প্রকল্পত যাতে পুনৰ এনে অনিয়ম সংঘটিত নহয় তাৰ বাবে কঠোৰ তদাৰকী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৰাইজে।

Share This