জাপানে পুনৰ কাৰ্যক্ষম কৰিব বিশ্বৰ বৃহত্তম পাৰমাণৱিক শক্তি কেন্দ্ৰ, ২০১১ চনত ফুকুশ্বিমা দুর্যোগত ধ্বংস হৈছিল

dainik janambhumi November 24, 2025

ডিজিটেল ডেস্ক : জাপানে বিশ্বৰ বৃহত্তম পাৰমাণবিক শক্তি কেন্দ্ৰ পুনৰ কাৰ্যক্ষম কৰাৰ দিশত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। 

এই বিষয়ত দেশখনৰ চৰকাৰে পদক্ষেপ লোৱাৰ সময়তে স্থানীয় কর্তৃপক্ষ নিগাটাই কাশ্মীৱাজাকী-কাৰিয়া প্ৰকল্পটো পুনৰ আৰম্ভ কৰাত অনুমোদন জনাইছে। ২০১১ চনত ফুকুশ্বিমা দুর্যোগত ধ্বংস হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে টকিঅ' ইলেকট্রিক পাৱাৰ কোম্পানীয়ে (টেপক') এই পাৰমাণৱিক প্রকল্পটো পুনৰ আৰম্ভ কৰাৰ দিশত অগ্ৰসৰ হৈছে। 

ৰাষ্ট্ৰীয় পাৰমাণৱিক নিয়ন্ত্রকে অনুমোদন জনোৱাৰ পাছতেই বিশ্বৰ এই বৃহত্তম পাৰমাণৱিক প্রকল্পটো পুনৰ আৰম্ভ হ'ব।

Share This