জিঅ' আই পি অ' বজাৰত মুকলিৰ দিনাই চমক সৃষ্টি

Dainik Janambhumi October 22, 2026

ডিজিটেল ডেস্ক : ভাৰতৰ শীৰ্ষস্থানৰ উদ্যোগপতি মুকেশ আম্বানিৰ কোম্পানী জিঅ' প্লেটফৰ্মৰ আই পি অ' অর্থাৎ ইনিচিয়েল পাব্লিক অফাৰিং কালি মুকলি কৰাৰ লগে লগে শ্বেয়াৰ বজাৰত চমকৰ সৃষ্টি কৰে। প্ৰায় ৩০,২১৩ কোটি টকাৰ আই পি অ' মুকলি কৰাৰ ১০০ মিনিটৰ ভিতৰত সম্পূৰ্ণৰূপে ছাবছক্রাইব হোৱা আই পি অ' ৰূপে পৰিগণিত হৈ অভিলেখৰ সৃষ্টি কৰে। বিনিয়োগকাৰীয়ে জিঅ' আই পি অ'ৰ প্ৰতি জনোৱা বিপুল সঁহাৰিৰ ফলতে অভিলেখৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। আটাইতকৈ অধিক ছাবছক্রিপশ্যন লাভ কৰে কোৱালিফাইড ইনষ্টিটিউশ্যনেল বায়াছ অর্থাৎ কিউ আই বি শাখাৰ পৰা। 

উল্লেখযোগ্য যে ৩০,২১৩ কোটি টকাৰ জিঅ' আই পি অ' দেশৰ ভিতৰত এতিয়ালৈকে সর্বাধিক পৰিমাণৰ আই পি অ'। বাতৰি লিখাৰ পৰলৈকে কিউ আই বি শাখাত ৩.২৯ গুণ ছাবছক্রাইব হয়। এন আই আই শাখাত ১.৫৮ গুণ, ৰিটেল কোটাত ০.৬৮ গুণ আৰু এমপ্লয়ী কোটাত ১.৩০ গুণ আৰু শ্বেয়াৰ হ'ল্ডাৰৰ কোটাত ১.৩৮ গুণ ছাবছক্রাইব হয়। উল্লেখযোগ্য যে মুকেশ আম্বানিৰ জিঅ' প্লেটফর্মে আই পি অ'ৰ অধীনত কোম্পানীৰ নতুন শ্বেয়াৰ কালি বজাৰলৈ প্ৰথমবাৰৰ বাবে উলিয়াই দিয়া হয়। নতুন শ্বেয়াৰ ১,০৬৫-১,১১৯ টকা মূল্যক বিক্রী হৈ আছে। বিনিয়োগকাৰীয়ে জিঅ' প্লেটফৰ্মৰ আই পি অ'ৰ প্ৰতি বিশেষভাবে আগ্রহী হৈ থাকে। 

উল্লেখযোগ্য যে জিঅ' আইপি' অ'ৰ অধীনত শ্বেয়াৰৰ নিলামৰ প্ৰক্ৰিয়া কাইলৈকে অব্যাহত থাকিব। দেশৰ ভিতৰতে সৰ্ববৃহৎ আই পি অ'ত ৩০ হাজাৰ কোটি টকাৰ 'ইচ্যু'ৰ বাবে ৬৭ হাজাৰ কোটি টকাৰ নিলাম কৰা হয়। কোম্পানীটোৱে মুঠ ৩০,১৮৮ কোটি টকা সংগ্ৰহৰ বাবে ২৭ হাজাৰ কোটি টকাৰ শ্বেয়াৰ বজাৰলৈ উলিয়াই দিয়ে। বৃহৎ বিনিয়োগকাৰীক ৭.২৪ কোটি শ্বেয়াৰ বিক্ৰী কৰি ৮,১১০ কোটি টকা ইতিমধ্যে লাভ কৰে। সাধাৰণ লোকৰ বাবে ৰখা ১৯,৭৫,২৫,৯৩৪ শ্বেয়াৰৰ বিপৰীতে ৬০,১০,২১,৮৬০ শ্বেয়াৰৰ বাবে আৱেদন কৰা হৈছে। আই পি অ'ক বৃহৎ বিনিয়োগকাৰীয়ে ৯ গুণ আৰু সাধাৰণ বিনিয়োগকাৰীয়ে ০.৭১ গুণ ছাবছক্রাইব কৰে। এই 'ইচ্যু' সামগ্রিকভাৱে ৩.০৪ গুণ ছাবছক্রাইব হৈছে। গ্রে মার্কেটৰ হিচাপত এই শ্বেয়াৰৰ পৰা তালিকাভুক্ত হোৱাৰ পাছত ২৩% লাভ পোৱা সম্ভাৱনা আছে। আই পি অ' তালিকাভুক্ত হোৱাৰ পাছত বজাৰ মূলধন ১০.৩০ লাখ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 


উল্লেখযোগ্য যে জিঅ'ৰ এটা শ্বেয়াৰৰ মূল মূল্য ১,০৬৫-১,১১৯ টকাৰ ভিতৰত। সাধাৰণ বিনিয়োগকাৰীয়ে শ্বেয়াৰ ক্ৰয় কৰিবলৈ হ'লে কমেও ১৩,৪২৮ টকা বিনিয়োগ কৰিব লাগিব আৰু সৰ্বাধিক ১৪টা লট অর্থাৎ ১৬৮টা শ্বেয়াৰৰ বাবে আৱেদন কৰিব লাগিব। ইয়াৰ বাবে ১.৮৭ লাখ টকা বিনিয়োগ কৰিব লাগিব। উল্লেখযোগ্য যে কালি প্রথম দিনা প্রতিষ্ঠানগত বিনিয়োগকাৰী অৰ্থাৎ বৃহৎ বিনিয়োগকাৰীয়ে নিৰ্ধাৰিত কোটাৰ ৯ গুণ অধিক ডাক কৰে। সাধাৰণ বিনিয়োগকাৰীৰ শাখাত কালি প্রথম দিনা ৭৩% ছাবছক্রাইব হয়। কৰ্মচাৰী শাখাত নিৰ্ধাৰিত অংশৰ ১৩৩% আই পি অ' ছাবছক্রাইব হয়। ৰিলায়েন্সৰ শ্বেয়াৰহ'ল্ডাকে ১৪১% শ্বেয়াৰ বাবে ডাক দিয়ে। এংকৰ এল'কেশ্যনকে ধৰি ইয়াৰ বাবে মুঠ ৭৪,৬১০ কোটি টকাৰ শ্বেয়াৰৰ বাবে আৱেদন কৰা হৈছে। উল্লেখযোগ্য যে কালি প্রথম দিনা কি আই বিৰ বাবে আবণ্টন কৰা অংশৰ ৯.০২ গুণ ছাইবছক্রাইব হয়। ইয়াৰে ৪.৯০ কোটি শ্বেয়াৰৰ বিপৰীতে ৪৪.২২ কোটি শ্বেয়াৰৰ বাবে ডাক দিয়া হয়। বেংক আৰু বীমা কোম্পানীসহ ঘৰুৱা বিত্তীয় প্রতিষ্ঠানে ২৫.০২ কোটি শ্বেয়াৰৰ বাবে ডাক দিয়ে আৰু বিদেশী বিনিয়োগকাৰীয়ে ১৫.১৪ কোটি শ্বেয়াৰৰ বাবে আৱেদন জনাইছে। মিউচুৱেল ফাণ্ডসমূহে ৩.১৯ কোটি শ্বেয়াৰৰ বাবে আৱেদন জনাইছে।

Share This