ডিজিটেল ডেস্ক : শাসকীয় বিজেপি চৰকাৰে চলে-বলে- কৌশলেৰে নিৰ্বাচনী বৈতৰণী পাৰ হৈ পুনৰ ক্ষমতা হস্তগত কৰাৰ পাছতেই ৰাজ্যত দ্রুতগতিত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক অতিশয় উদ্বিগ্ন কৰি তুলিছে। বিশেষকৈ নির্দিষ্ট উপাৰ্জনহীন পৰিয়াল, ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে পৰিয়াল পোহপাল দিয়াসকল, দৈনিক হাজিৰা কৰা ব্যক্তি, ঠেলা-ৰিক্সাচালক, পদপথৰ অস্থায়ী ব্যৱসায়ী, বন কৰা মহিলা, ক্ষুদ্র মৎস্য ব্যৱসায়ী আদিৰ লগতে নির্দিষ্ট উপার্জন থকা নিম্ন মধ্যবিত্ত পৰিয়ালেও সাম্প্ৰতিক মূল্যবৃদ্ধিত ত্রাহি মধুসূদন।
সুঁৱৰিব লগা হৈছে। ইফালে বজাৰত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ জুয়ে সর্ব সাধাৰণৰ দৈনন্দিন জীৱন দগ্ধ কৰাৰ সময়তে সুবিধাবাদী ব্যৱসায়ীয়ে কৌশলেৰে যাতে মূল্যবৃদ্ধি কৰিব নোৱাৰে, সেই লক্ষ্যৰে যোৰহাটৰ প্ৰশাসনে গঠন কৰা টাস্ক ফ'ৰ্চে খাদ্য সামগ্ৰীৰ ক্ষুদ্ৰ আৰু মজলীয়া খুচুৰা ব্যৱসায়ীৰ প্ৰতি কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে বৃহৎ পাইকাৰী ব্যৱসায়ীৰ ক্ষেত্ৰত ৰহস্যজনকভাৱে নৰম স্থিতি গ্ৰহণ কৰাক কেন্দ্ৰ কৰিও ভিন্ন প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে সময়তে যোৰহাটৰ বজাৰৰ পৰা বিশেষভাৱে চাহিদা থকা আগ্ৰাৰ 'আলু' অন্তর্ধান হোৱাত পশ্চিম বংগৰ পৰা অহা গুণগতভাৱে নিম্নমানৰ আলুৱে উপচি পৰাৰ অন্তৰালত খাদ্য-সামগ্ৰীৰ বিষয়ত জড়িত সংশ্লিষ্ট বিভাগৰ একাংশ বিষয়াই দায়ী বুলি খুচুৰা ব্যৱসায়ীয়ে অভিযোগ কৰিছে। এনে সময়তে কোনো ব্যৱসায়ীয়ে আগ্ৰাৰ আলু বিক্ৰী কৰিলেও প্রতি কিল'গ্রামত ১৫ টকাকৈ অধিক মূল্যত বিক্ৰী কৰিব নোৱাৰিব বুলিও জিলা যোগান বিভাগৰ যুটীয়া সঞ্চালকৰ দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়াই মৌখিকভাৱে কঠোৰ নিৰ্দেশনা দিয়াক কেন্দ্ৰ কৰিও খুচুৰা ব্যৱসায়ীসকলৰ মাজত তীব্র ক্ষোভৰ সৃষ্টি হৈছে।
অন্যহাতে, বিভিন্ন ব্ৰেণ্ডৰ মিঠাতেল নিৰ্বাচনৰ আগৰ মূল্যৰ তুলনাত সম্প্ৰতি প্ৰতি লিটাৰত সাত-আঠ টকাৰ পৰা পোন্ধৰ টকা পর্যন্ত বৃদ্ধি হৈছে। তেনেদৰে বিভিন্ন প্রকাৰৰ দাইলৰ বেলিকাও দুই টকাৰ পৰা তিনি-চাৰি টকা পর্যন্ত বর্তমান মূল্যবৃদ্ধি হৈছে।চেনিৰ মূল্যও প্রতি কিঃ গ্ৰাঃত খুচুৰা ৫০টকাৰ সলনি দুটকা বৃদ্ধি হৈছে যদিও বৃদ্ধি হোৱা দুটকাও গ্রাহকে দিবলৈ ইচ্ছুক নহয় বুলিও খুচুৰা ব্যৱসায়ীয়ে জানিবলৈ দিছে। সম্প্রতি খাদ্য সামগ্ৰীৰ বজাৰত জ্বলা জুয়ে অন্ধ্রপ্রদেশৰ পৰা অহা কণীকো স্পর্শ কৰিছেগৈ। কেইদিনমানৰ আগলৈকে অন্ধৰ এক প্লেট কণীৰ মূল্য ১৭০ টকাৰ পৰা ১৮০টকা আছিল যদিও শেহতীয়াকৈ একপ্লেট কণীৰ মূল্য ২০০ টকালৈ বৃদ্ধি হৈছে। এনেদৰেই এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ লগতে যোৰহাট জিলাবাসীকো মূল্যবৃদ্ধিৰ জুয়ে দগ্ধ কৰাৰ সময়তে গুণগতমানৰ আগ্ৰাৰ আলু যোৰহাটৰ বজাৰৰ পৰা হঠাতে অন্তর্ধান হোৱাটোও ৰহস্যৰ বিষয় হৈ পৰিছে।